জে এন ইউ ৰ গৱেষিকা ছাত্ৰী অসমৰ দেৱাঙ্গনা কলিতা আৰু হাৰিয়ানাৰ নাটাচা নাৰৱালৰ মুক্তিৰ দাবী “আইছা”ৰ

63

ষ্টাফৰিপোৰ্টাৰ, ২৪ মে’ : জে এন ইউৰ গৱেষিকা ছাত্ৰী দেৱাঙ্গনা কলিতা আৰু নাটাচা নাৰৱালৰ গ্ৰেপ্তাৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে নিখিল ভাৰত ছাত্ৰ সন্থা (আইছা)ৰ অসম ৰাজ্যিক কমিটীয়ে। দিল্লীত ‘কা বিৰোধী’ আন্দোলনত অসমৰ দেৱাঙ্গনা কলিতা আৰু হাৰিয়ানাৰ নাটাচা নাৰৱাল নামৰ গৱেষিকা ছাত্ৰী দুগৰাকীয়ে সক্ৰিয় ভূমিকা পালন কৰিছিল। এক প্ৰেছ বিজ্ঞপ্তি যোগে সংগঠনটোৰ ৰাজ্যিক সভাপতি সুব্ৰত তালুকদাৰ আৰু সম্পাদক ধনঞ্জয় দাসে কয় ” বিগত সময়ছোৱাত কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ‘কা’ বিৰোধী নেতা কৰ্মী তথা জনগণৰ গণতান্ত্ৰিক অধিকাৰৰ হকে সৰব হোৱা দেশৰ বিভিন্ন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু সেই তালিকাৰ পৰা অসমৰ দেৱাঙ্গনা কলিতা আৰু হাৰিয়ানাৰ নাটাচা নাৰৱাল নামৰ মহিলা সংগঠক দুগৰাকীও হাত সাৰি নগ’ল। দিল্লীত দীৰ্ঘদিনৰ পৰা মহিলাৰ অধিকাৰৰ বাবে যুঁজ দিয়া ‘পিঞ্জৰা টোৰ’নামৰ আন্দোলনটোত এই দুগৰাকী ছাত্ৰী জড়িত আছিল। চাহিনবাগ আন্দোলনত হিংসাত্মক কাৰ্যসূচীৰ উচটনি দিয়াৰ অজুহাতত এই দুগৰাকী ছাত্ৰীক চৰকাৰে এনেদৰে অন্যায়ভাবে গ্ৰেপ্তাৰ কৰাটো গণতন্ত্ৰ আৰু সংবিধানৰ পৰিপন্থী। বিজেপি চৰকাৰে ক’ৰ’ণা পৰিস্থিতিৰ সুযোগ লৈ প্ৰতিবাদী কণ্ঠসমূহক কাৰাৰুদ্ধ কৰাৰ বাবে উঠি পৰি নামিছে, বিশেষকৈ কৰণা পৰিবৰ্তিত পৰিস্থিতিত যাতে কা বিৰোধী তথা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলন যাতে পুনৰ মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে ৰাষ্ট্ৰীয় নিপীড়ন চলাই গৈছে। আইছাই চৰকাৰক প্ৰশ্ন কৰে যে চৰকাৰ খনৰ উদ্দেশ্য এয়া কৰণা প্ৰতিৰোধ নে গণতন্ত্ৰক নি:শেষ কৰাৰ অভিযান? আইছাই জে এন ইউ ত নাৰী অধ্যয়ন বিভাগত গৱেষণা কৰি থকা এই দুগৰাকী ছাত্ৰীক অতি সোনকালে বিনা চৰ্তে মুকলি কৰি দিবলৈ দাবী জনাইছে।”