জুৰীয়াত আৰক্ষীৰ এনকাউন্টৰত আহত জালনোট ব্যৱসায়ী

90

নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালনোট বিৰোধী অভিযানৰ সময়ত আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় এজন জালনোট ব্যৱসায়ী। ইফালে এই ঘটনাত দুজন জালনোট ব্যৱসায়ীয়ে পলায়ন কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, জুৰীয়াৰ বগৰিগুৰীত নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এটা জালনোট চক্ৰ উৎখাত কৰিবলৈ গৈছিল। সেই সময়ত জালনোট চক্ৰটোৱে প্ৰথমে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় আৰু আৰক্ষীক গুলিয়াবলৈ চেষ্টা কৰে। যাৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে ৰুষ্টম আলী নামৰ জালনোট ব্যৱসায়ীজনৰ ভৰিত গুলি কৰে।

উল্লেখ্য যে ধৃত ৰুস্তম আলীৰ নেতৃত্বত তেজপুৰৰ সমীপৰ জামুগুৰিৰ এটা সাতজনীয়া দুৰ্বৃত্তৰ দলে জাল নোটৰ নেটৱৰ্ক গঢ়ি তুলিছিল। তেজপুৰৰ পৰা দুজন জালনোট ব্যৱসায়ী জালনোট বনোৱা মেচিন আৰু কেমিকেলসহ জুৰীয়াৰ বগুৰাগুৰীৰ মোবাৰক আলীৰ ঘৰত আহিব বুলি আৰক্ষীৰ চোৰাংচোৱাই এক গোপন খবৰ লাভ কৰিছিল ৷ সেই মতে যথাস্থানত উপস্থিত হোৱা ছদ্মবেশী আৰক্ষীৰ দলটোক আচল টকাতকৈ ৩০ শতাংশ বেছি জালনোট দিব বুলি দৰ-দাম চলি আছিল। সেই সময়তে জালনোট ব্যৱসায়ীৰ দলটোৱে আৰক্ষীয়ে লগত লৈ যোৱা বেগটোত টকা আছে বুলি ভাবি ডকাইতিৰ উদ্দেশে টনা-টনি আৰম্ভ কৰাৰ লগতে পিষ্টল উলিয়াই গুলীয়াবলৈ উদ্যত হয় জালনোট ব্যৱসায়ীৰ দলটোৱে ৷ পিছত আত্মৰক্ষাৰ বাবে আৰক্ষীৰ দলটোৱে গুলীচালনা কৰাত ৰুস্তম আলী নামৰ জালনোট ব্যৱসায়ীটো আহত হয় যদিও বাকী দুৰ্বৃত্তকেইটা পলাই যাবলৈ সক্ষম হয়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আহত ৰুস্তম আলী বৰ্তমান জুৰীয়াৰ দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে ।