জুৰীয়াৰ লালুংগাৱত ভয়ংকৰ অগ্নিকাণ্ড

64

জুৰীয়াৰ লালুংগাৱত ভয়ংকৰ অগ্নিকাণ্ড।

 গাওঁ খনৰ চাৰিজনকৈ লোকৰ  বাস অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে ভষ্মীভূত। 

বৈদ্যুতিক চৰ্ট শ্বাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত।

গাওঁ খনৰ এমৰাণ আলীৰ ঘৰত অগ্নিকাণ্ডৰ সূত্ৰ পাত ঘটে।

নিমিষতে জুইৰ লেলিহান শিখাই আবৰি ধৰে সমীপৰ মোস্তাফা,আলাল উদ্দিন আৰু মাইনুদ্দিনৰ বাসগৃহ সমূহ।লোক কেইজনৰ বাসগৃহকে ধৰি সমূহ আজবাব পত্ৰ জুইত সম্পূৰ্ণ ভাবে জাহ যায়৷

লোক কেইজনৰ ঘৰৰ ভিতৰত থকা দুটাকৈ গেছ ছিলিণ্ডাৰ বিস্ফোৰিত হোৱাত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰিছে।

তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাৰ চেষ্টা অব্যাহত ৰাখিছে

অগ্নিকাণ্ডত প্ৰায় ৩০লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত হৈছে।