জুবিন গাৰ্গ হেল্পিঙ হেণ্ডছ অসমৰ উদ্যোগত অনলাইন বিহুগীত প্ৰতিযোগিতা

76

ষ্টাফৰিপোৰ্টাৰ, ২০ এপ্ৰিল : জুবিন গাৰ্গ হেল্পিঙ হেণ্ডছ অসমৰ উদ্যোগত অনলাইন বিহুগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগীয়ে নিজৰ কণ্ঠত গীত পৰিবেশন কৰিব লাগিব, এজন প্ৰতিযোগীয়ে এটা বিহুগীততহে অংশ ল’ব পাৰিব, এজন প্ৰতিযোগীয়ে মাত্ৰ ৫ মিনিট সময়হে গীত পৰিবেশন কৰিব পাৰিব, প্ৰতিযোগীৰ বয়সৰ কোনো সীমা নাই, প্ৰতিযোগীজনে পাৰিলে থলুৱা বাদ্য নিজে বজাইও গাব পাৰিব, কোনো বাধ্যবাধকতা নাই, প্ৰতিযোগীজনে ৱাটছ এপ
যোগে ভিডিঅ’ প্ৰেৰণ কৰিব পাৰিব, বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত বুলি গণ্য কৰা হ’ব,ভিডিঅ’ ২৫ এপ্ৰিলৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব। এই প্ৰতিযোগিতাৰ বাবে প্ৰথম পুৰস্কাৰ হিচাপে মানপত্ৰ আৰু ট্ৰফী, দ্বিতীয় পুৰস্কাৰ মানপত্ৰ আৰু কিতাপ, তৃতীয় পুৰস্কাৰ মানপত্ৰ আৰু কিতাপ দিয়া হ’ব। লকডাউন খোলাৰ পাছতহে পুৰস্কাৰ সমূহ প্ৰেৰণ কৰা হ’ব ।