জীৱনদায়িনী ঔষধৰ তীব্ৰ নাটনি, শ্ৰীলংকাত জৰুৰী স্বাস্থ্য অৱস্থা ঘোষণা

77

তীব্ৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা দ্বীপ ৰাষ্ট্ৰত ঘোষণা কৰা হৈছে জৰুৰী স্বাস্থ্য অৱস্থা। জীৱনদায়িনী ঔষধৰ নাটনিৰ বাবে ৰাষ্ট্রখনত মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ঘোষণা কৰা হৈছে জৰুৰী স্বাস্থ্য অৱস্থা।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল ৰাষ্ট্ৰপতিয়ে। তাৰ পিছতে শ্ৰীলংকাৰ চৰকাৰী চিকিৎসা বিষয়া সংস্থাৰ (জিএমঅ’এ) জৰুৰীকালীন সাধাৰণ সমিতিৰ বৈঠকৰ পিছতে ৰোগীৰ জীৱন ৰক্ষাৰ বাবে এই সিদ্ধান্ত ঘোষণা কৰা হয়।

আনহাতে জিএমঅ’ই চৰকাৰৰ দুৰ্বল ব্যৱস্থাপনাৰ বাবে দেশখনত ঔষধৰ নাটনিৰ কথাও প্ৰকাশ কৰে।