জিম্বাব’ৱেত বিমান দুৰ্ঘটনাত পুত্ৰসহ মৃত্যু ভাৰতীয় কোটিপতি হৰপাল ৰান্ধৱাৰ

198

২৯ ছেপ্টেম্বৰত জিম্বাব’ৱেত সংঘটিত ভয়ানক বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ভাৰতীয় কোটিপতি তথা খনন উদ্যোগপতি হৰপাল ৰান্ধৱা আৰু তেওঁৰ ২২ বৰ্ষীয় পুত্ৰ আমেৰৰ। দক্ষিণ-পশ্চিম জিম্বাব’ৱেৰ এটা হীৰা খনিৰ ওচৰত তেওঁলোকৰ ব্যক্তিগত বিমানখন কাৰিকৰী বিজুতিৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত পুত্ৰসহ উদ্যোগপতিগৰাকীৰ লগতে মুঠ ৬ জন লোকৰ মৃত্যু ঘটিছিল।

উল্লেখযোগ্য যে হৰপাল ৰান্ধৱা হৈছে সোণ আৰু কয়লা উৎপাদনৰ লগতে নিকেল আৰু তাম শোধন কৰা বৈচিত্ৰ্যপূৰ্ণ খনন কোম্পানী ৰিঅ’জিমৰ স্বত্বাধিকাৰ। ৰান্ধৱাই ৪ বিলিয়ন ডলাৰৰ ব্যক্তিগত ইকুইটি ব্যৱসায় জিইএম হোল্ডিংছকো প্ৰতিষ্ঠা কৰিছিল।

খনন উদ্যোগপতিগৰাকী আৰু তেওঁৰ পুত্ৰই ৰিঅ’জিমৰ ব্যক্তিগত মালিকানাধীন চেছনা ২০৬ বিমানত যাত্ৰা কৰিছিল। হাৰাৰেৰ পৰা মুৰোৱা হীৰা খনিলৈ যোৱাৰ পথত দুৰ্ঘটনাটো সংঘটিত হয়। ৰিঅ’জিমৰ আংশিক মালিকানাধীন মুৰোৱা ডাইমণ্ডছ খনিৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয় এক ইঞ্জিনৰ বিমানখন। এই দুৰ্ঘটনাত বিমানখনৰ সকলো যাত্ৰী আৰু ক্ৰু মেম্বাৰৰ মৃত্যু হয়।

ৰান্ধৱাৰ বন্ধু চলচ্চিত্ৰ নিৰ্মাতা হোপৱেল চিনোনোৱে এক্সত তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি লিখিছে, ”জ্ভিছাভানেত বিমান দুৰ্ঘটনাত মৃত্যু হোৱা ৰিঅ’ জিমৰ স্বত্বাধিকাৰ হৰপাল ৰান্ধৱাৰ মৃত্যুত মই গভীৰভাৱে দুখী। তেওঁৰ পুত্ৰকে ধৰি আন ৫ জন লোকৰ মৃত্যুৱে শোকাহত কৰিছে।”