অসম আৰক্ষীয়ে শুকুৰবাৰে নিশা শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাটত অভিযান চলাই সৰবৰাহৰ সময়তে জব্দ কৰিবলৈ সক্ষম হয় কেইবাটাও গৰু।
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়মীয়া পৰীক্ষাৰ সময়ত এখন ট্ৰাকৰ পৰা ৪০টা গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে।
আৰক্ষীৰ মতে, হেণ্ডিমেনৰ সৈতে চালকজনে ট্ৰাকখন এৰি পলায়ন কৰে।
জানিব পৰা মতে, লখিমপুৰৰ পৰা তেজপুৰৰ পথত থকা ট্ৰাকখন জামুগুৰিহাটত জব্দ কৰা হয়।
আৰক্ষীয়ে জনোৱা মতে, চালক আৰু হেণ্ডিমেনৰ সন্ধান উলিয়াবলৈ অভিযান আৰম্ভ কৰা হৈছে।
শেহতীয়াকৈ অসম আৰক্ষীয়ে আৰম্ভ কৰা অনুসন্ধান অভিযানত যোৰাবাটৰ পৰা উদ্ধাৰ হৈছে অবৈধভাৱে পৰিবহণ কৰা ৪৪টা গৰু।
সূত্ৰ অনুসৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গৰু ভৰ্তি দুখন ট্ৰাক আৰক্ষীয়ে জব্দ কৰে।
আবুল কালাম আৰু আব্দুল হামিদ নামৰ দুজন সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে।
