জামুগুৰিহাটত গদা ঘূৰাই যুদ্ধত নামিল পদ্ম হাজৰিকা

159

জামুগুৰিহাটত গদা ঘূৰাই যুদ্ধত নামিল পদ্ম হাজৰিকা।
পদ্ম হাজৰিকাৰ অভিনয়ে মন্ত্ৰমুগ্ধ কৰিলে হাজাৰ হাজাৰ ৰাইজক।
ৰাজনীতিৰ পথাৰত নহয় এইবাৰ নাটকৰ মঞ্চত দুৰ্দান্ত ৰূপত দেখা পোৱা গ’ল চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক।উত্তৰ অসমৰ নাট্যচৰ্চাৰ অন্যতম অগ্ৰণী অনুষ্ঠান জামুগুৰিহাটৰ ‘আখৰা’ নাট্যগোষ্ঠীৰ ৰূপালি জয়ন্তী উপলক্ষ্যে অনুষ্ঠিত হোৱা নাট সমাৰোহত ‘দুৰ্যোধনৰ’চৰিত্ৰত এইদৰে নিখূত অভিনয়ৰে উপস্থিত হাজাৰ হাজাৰ ৰাইজক মন্ত্ৰমুগ্ধ কৰে চতিয়াৰ বিধায়ক গৰাকীয়ে।নাট্যকাৰ পংকজ জ্যোতি ভূঞাৰ পৰিচালনাৰে দেওবাৰে নিশা অনুষ্ঠিত হোৱা ‘ঘটোৎকচ’ নাটকত এইদৰে দুৰ্যোধনৰ চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰা দেখা গ’ল বিধায়ক পদ্ম হাজৰিকাক।উল্লেখ্য যে সুদীৰ্ঘ ২২বছৰৰ মূৰত পুনৰ নাটকৰ মঞ্চত দেখা পোৱা বিধায়ক পদ্ম হাজৰিকাই ছাত্ৰ অৱস্থাত এজন সফল অভিনেতা হিচাপে ইতিমধ্যেই পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল।