জাপানীজ এনকেফেলাইটিছে প্রাণ ল’লে কিশোৰৰ

78

জাপানীজ এনকেফেলাইটিছে প্ৰাণ ল’লে ১৩ বছৰীয়া কিশোৰৰ,প্ৰতিদিনে বাঢ়িছে আক্ৰান্তৰ সংখ্যা!
ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত লোকৰ সংখ্যা। ১ এপ্ৰিলৰ পৰা বৰ্তমানলৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈছে ২২জন ৰোগী।
ৰহাৰ আমচৈত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ প্ৰাদুৰ্ভাৱ। জাপানীজ এনকেফেলাটিছত আক্ৰান্ত হৈ মৃত্যু আমচৈ নকুছিৰ মাধুৰ্য কোঁৱৰ নামৰ এজন ১৩ বছৰীয়া কিশোৰৰ। নকুছিৰ পুণেশ্বৰ কোঁৱৰৰ পুত্ৰ মাধুৰ্য। আঠ দিন ধৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল মধুৰ্য। মঙলবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মাধুৰ্যৰ। মৰমলগা কিশোৰটিৰ মৃত্যুত শোকৰ ছাঁ পৰিছে বৃহত্তৰ অঞ্চলটোত।