জাতীয় শিক্ষা নীতি-২০২০ৰ বিৰুদ্ধে অল ইণ্ডিয়া ডি এছ অ’ৰ ৰাজ্যজুৰি প্ৰতিবাদ

81

ষ্টাফৰিপৰ্টাৰ, শিক্ষাৰ ব্যৱসায়ীকৰণ, কেন্দ্ৰীয়কৰণ আৰু সাম্প্ৰদায়িকীকৰণৰ ব্লুপ্ৰিন্ট জাতীয় শিক্ষা নীতি ২০২০ৰ বিৰুদ্ধে ছাত্ৰ সংগঠন অল ইণ্ডিয়া ডি এছ অ’ই দেশব্যাপী ছাত্ৰ আন্দোলন গঢ়ি তোলাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। ২ ৰ পৰা ৮ আগষ্টলৈকে সৰ্বভাৰতীয় প্ৰতিবাদ সপ্তাহ পালন কৰাৰ যি আহ্বান জনোৱা হৈছে তাৰ লগত সঙ্গতি ৰাখি অসমত সোমবাৰে গুৱাহাটীৰ উলুবাৰী ,উত্তৰ লক্ষীমপুৰ, যোৰহাট, নগাওঁ, তেজপুৰ গোৱালপাৰা, শিলচৰ, কৰিমগঞ্জ সহ জিলা সদৰ সমূহত জাতীয় শিক্ষা-নীতি ২০২০ৰ প্ৰতিলিপি দাহ কৰা হয়। অল ইণ্ডিয়া ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটি আৰু জিলা কমিটীৰ পক্ষৰ পৰা অসমৰ ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি জাতীয় শিক্ষা-নীতি ২০২০ বাতিল কৰাৰ বাবে দাবী জনোৱা হয়। সংগঠনৰ ৰাজ্যিক সম্পাদক হেমন্ত পেগুয়ে এই কাৰ্যসূচীৰ জৰিয়তে কয় ‘সংসদক আওকাণ কৰি আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক নসাৎ কৰি কেন্দ্ৰীয় চৰকাৰে ক’ৰ’না মহামাৰীৰ দ্ৰুত সংক্ৰমণৰ সময়ছোৱাত জনবিৰোধী জাতীয় শিক্ষা নীতি এক পক্ষীয়ভাৱে ছাত্ৰ-ছাত্ৰীৰ ওপৰত জাপি দিছে। ভাৰতবৰ্ষৰ বুকুত জাতীয় শিক্ষা নীতি ১৯৮৬ য়ে শিক্ষাৰ বাণিজ্যিকীকৰণ আৰু সাম্প্ৰদায়িকীকৰণৰ যি সিংহদুৱাৰ খুলি দিছিল, তাক ২০২০ ৰ জাতীয় শিক্ষা নীতি য়ে চূড়ান্ত ৰূপ দিলে এই শিক্ষা নীতিত ধুনীয়া ধুনীয়া বাকচাতুৰ্যৰ আঁৰত সুকৌশেলেৰে শিক্ষা ধব্বংসকাৰী বহুতো পদক্ষেপ গ্ৰহণ কৰা হৈছে, যেনে-
মেট্ৰিক পৰীক্ষা উঠাই দি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সামগ্ৰিক জ্ঞানাৰ্জনৰ বিৰোধী ছেমিষ্টাৰ প্ৰথা প্ৰৱৰ্তন কৰা হব। আনপিনে পাৰস্পৰিক সম্পৰ্ক যুক্ত বিষয়সমূহ অধ্যয়ন কৰাৰ যোগেদি যি সুসংবদ্ধ ধাৰণা গঢ়ি উঠে তাক কুঠাৰাঘাত কৰিবলৈ বিজ্ঞান আৰু কলা শাখাৰ মাজত থকা প্ৰভেদ নাইকীয়া কৰি দিয়া হ’ব। বিদেশী বিশ্ববিদ্যালয়সমূহক ভাৰতবৰ্ষত কেম্পাচ স্থাপনৰ অনুমতি দি অভিজাত ঘৰৰ ছাত্ৰ-ছাত্ৰীক লাখ লাখ টকাৰ বিনিময়ত অভিজাত বিদেশী বিশ্ববিদ্যালয়ৰ ছিল-মোহৰ থকা চাৰ্টিফিকেট অৰ্জন কৰিবলৈ সুযোগ প্ৰদান কৰা কৰিব।ফলত আমাৰ দেশৰ বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ গুণমান অনিবাৰ্য ভাবে নিম্মগামী হ’ব।ইউ জি চি সহ স্ব- শাসিত সংস্থাসমূহক ভংগ কৰি সৰ্বোচ্চক্ষমতাসম্পন্ন হায়াৰ এডুকেচনেল কাউন্সিল অব ইণ্ডিয়া গঠন কৰাৰ যোগেদি ব্যৱসায়ীকৰণৰ গতি ত্বৰান্বিত কৰা হ’ব।কলেজসমূহক স্বায়ত্ব শাসন প্ৰদান কৰাৰ নামত আৰ্থিক বোজা সম্পূৰ্ণৰূপে ছাত্ৰ-ছাত্ৰীৰ ওপৰত জাপি দিয়া হ’ব। ইয়াৰ ফলত ফিজ বৃদ্ধি ইমান বেছি হব যে দুখীয়া ঘৰৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ মানসম্পন্ন শিক্ষাপ্ৰতিষ্ঠানত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব।অষ্টম শ্ৰেণীলৈকে পাছ-ফেইল প্ৰথা উঠাই দিয়াৰ ফলত প্ৰাথমিক শিক্ষাৰ ভেটি যে ইতিমধ্যে ধব্বংস কৰিছে সেই সন্দৰ্ভত নিমাত থাকি কাৰ্যত এই শিক্ষা নীতিয়ে ইয়াক বাহাল ৰখাৰ সিদ্ধান্তই গ্ৰহণ কৰিলে ।স্নাতক স্তৰৰ পাঠ্যক্ৰমৰ সময়সীমা তিনিবছৰৰ পৰা চাৰিবছৰীয়া কৰাৰ যোগেদি দুখীয়া ছাত্ৰ-ছাত্ৰীয়ে স্নাতক ডিগ্ৰী অৰ্জন কৰাটো দুঃসাধ্য কৰি পেলালে। আজি পি এইচ ডি ডিগ্ৰী ধাৰীয়ে যেতিয়া নিবনুৱা হৈ ঘুৰি ফুৰিব লগা হৈছে, তেতিয়া স্নাতক স্তৰৰ আংশিক কৰ্চ সমাপ্ত কৰাৰ যোগেদি আংশিক ডিগ্ৰী অৰ্জনৰ কোনো মূল্য নাই।
৩ৰ পৰা ৬বছৰৰ ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ দায়িত্ব সামান্যতম আন্তঃগাথঁনি নথকা অংগনবাদী স্কুলৰ হাতত গতাই দিয়া হ’ল।ত্ৰি ভাষা নীতি প্ৰয়োগ কৰি পিছ দুৱাৰেদি হিন্দী ভাষা জাপি দিয়াৰ সিদ্ধান্তৰ যোগেদি তথাকথিত ভাৰতীয়কৰণ বা আন যিয়েই নহওক কিয় , ইয়াৰ যোগেদি উগ্ৰ হিন্দুত্বৰ ধাৰণা বিয়পাই দি সাম্প্ৰদায়িক উন্মাদনাৰ সৃষ্টি কৰা হ’ব আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উন্নত – আধুনিক চিন্তা, ৰুচি সংস্কৃতি অৰ্জনৰ দিশটো মাৰাত্মক ভাবে বাধাগ্ৰস্ত হ’ব।তেওঁ চৰকাৰী পক্ষৰ প্ৰচাৰৰ দ্বাৰা বিভ্ৰান্ত নহৈ দেশী- বিদেশী পুঁজিপতি শ্ৰেণীৰ স্বাৰ্থত গ্ৰহণ কৰা সৰ্বনাশা এই শিক্ষানীতিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলক সময়োপযোগী ভূমিকা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। অল ইণ্ডিয়া ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটিয়ে গ্ৰহণ কৰা আন্দোলনৰ কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই অল ইণ্ডিয়া ছেভ এডুকেচন কমিটিৰ পক্ষৰ পৰা অধ্যাপক ভূপেন্দ্ৰ নাথ কাকতিয়ে জাতীয় শিক্ষা নীতি ২০২০ ৰ তীব্ৰ বিৰোধিতা কৰে আৰু শিক্ষাৰ বাণিজ্যিকীকৰণ, সাম্প্ৰদায়িকীকৰণৰ এই ব্লুপ্ৰিন্টৰ বিৰুদ্ধে শিক্ষক সমাজ সহ সকলো অংশৰ শিক্ষা প্ৰেমী ৰাইজক আগুৱাই অহাৰ বাবে আহ্বান জনায়।