জাতিবাদী মন্তব্য কৰাৰ অভিযোগত দেওবাৰে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ কৰে হাৰিয়ানা আৰক্ষীয়ে। অৱশ্যে ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে গ্ৰেপ্তাৰৰ কিছু ঘণ্টাৰ ভিতৰতে জামিনত মুক্তি দিয়া হয় প্ৰাক্তন ক্ৰিকেটাৰজনক।
উল্লেখ্য যে, সিঙৰ বিৰুদ্ধে যোৱা বছৰ এটা ইনষ্টাগ্ৰাম চাটৰ সময়ত আন এজন ক্ৰিকেটাৰৰ বিৰুদ্ধে জাতিবাদী মন্তব্য কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল।
হাঁচিৰ আৰক্ষী অধীক্ষক নীতিকা গহলৌতে কয়, “আমি কেৱল আনুষ্ঠানিক গ্ৰেপ্তাৰ কৰিছিলো আৰু পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি তেওঁক জামিনত মুক্তি দিয়া হয়।”
“যুৱৰাজ সিঙ শনিবাৰে হাঁচিলৈ আহিছিল আৰু আমি আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰিছিলো। তেওঁক কেইঘণ্টামানৰ পিছত জামিন বণ্ডত মুকলি কৰি দিয়া হয়,” – হাঁচিৰ ডিএছপি বিনোদ শংকৰে কয়।
হাৰিয়ানা আৰক্ষীয়ে গোচৰটোত কেৱল সিঙৰ “আনুষ্ঠানিক গ্ৰেপ্তাৰ” বিচাৰিছে বুলি উল্লেখ কৰি উচ্চ ন্যায়ালয়ে যোৱা সপ্তাহত নিৰ্দেশ দিছিল যে তদন্তকাৰী বিষয়াৰ সৈতে তদন্তত সহযোগ কৰাৰ পিছত, যদি ক্ৰিকেটাৰজনক গ্ৰেপ্তাৰ কৰা হয়, তেন্তে তেওঁক জামিন আৰু জামানত বণ্ড প্ৰদান কৰাৰ পিছত অন্তৱৰ্তীকালীন জামিনত মুক্তি দিয়া হ’ব।
উচ্চ ন্যায়ালয়ে হিছাৰৰ হাঁচি আৰক্ষী থানাত অধিবক্তা ৰজত কালচানৰ অভিযোগৰ ভিত্তিত আইপিচি আৰু অনুসূচীত জাতি/জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল কৰিবলৈ ক্ৰিকেটাৰজনৰ আবেদন ৰদ কৰিবলৈ বিচাৰি কৰা আবেদনৰ শুনানি লৈছিল।
ক্ৰিকেটাৰজনৰ মন্তব্যই দলিত সম্প্ৰদায়ৰ আৱেগত আঘাত হনাৰ অভিযোগ তুলি কালচানে যোৱা বছৰ আৰক্ষীৰ ওচৰত যুৱৰাজ সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।
আনহাতে নিজৰ মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে এই মন্তব্যৰ বাবে দুখ প্ৰকাশ কৰি সিঙে টুইট কৰিছিল, “মই বুজি পাইছো যে যেতিয়া মই মোৰ বন্ধুবৰ্গৰ সৈতে বাৰ্তালাপ কৰি আছিলো, মোক ভুল বুজা হৈছিল, যিটো অবাঞ্ছিত আছিল। অৱশ্যে, এজন দায়িত্বশীল ভাৰতীয় হিচাপে মই ক’ব বিচাৰো যে যদি মই অনিচ্ছাকৃতভাৱে কাৰোবাৰ অনুভূতি বা আৱেগত আঘাত কৰিছো, তেন্তে মই ইয়াৰ বাবে দুখ প্ৰকাশ কৰিব বিচাৰো।”
