অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ অনুপস্থিতিত অসম বিজেপিৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত কুমাৰ দাসক বিজেপিৰ সভাপতি (ভাৰপ্ৰাপ্ত) হিচাপে অস্থায়ী দায়িত্ব দিয়া হৈছে।
মাতৃৰ মৃত্যুৰ পিছত ভৱেশ কলিতাৰ অনুপস্থিতিত এই দায়িত্ব অস্থায়ীভাৱে প্ৰদান কৰা হয় জয়ন্ত দাসক।
উল্লেখযোগ্য যে, ভৱেশ কলিতাৰ মাতৃ যমুনা ডেকাৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত ১৬ ছেপ্টেম্বৰত ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
