জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ এনকাউণ্টাৰত নিহত ২ সন্ত্ৰাসবাদী, অনন্তনাগত আহত ২ প্ৰবাসী শ্ৰমিক

90

ভাৰতীয় সেনা, বি এছ এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে আৰম্ভ কৰা এক যৌথ অভিযানত বুধবাৰে পুৱা কুপৱাৰাৰ মাচ্ছল ছেক্টৰৰ এল অ’ চিৰ কাষত সশস্ত্ৰ সেনাই অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰে।

এই অভিযানত দুজন সন্ত্ৰাসবাদীক নিৰ্মূল কৰি ৪টা এ কে ৰাইফল, ৬টা হেণ্ড গ্ৰেনেড আৰু অন্যান্য অপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে সেনাই। এতিয়াও অভিযান চলি আছে বুলি এএনআইলৈ ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছে জনায়।

ইফালে আন এক ঘটনাত আজি পুৱা অনন্তনাগত দুজন বাহিৰৰ শ্ৰমিকৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে। এই ঘটনাৰ পিছত আহত দুয়োগৰাকী নাগৰিকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসাৰ পিছত তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। অৱশ্যে তালাচী অভিযানৰ বাবে অঞ্চলটো ঘেৰি ৰখা হৈছে বুলি জে এণ্ড কে আৰক্ষীয়ে এ এন আইক জনাইছে।

ইয়াৰ পূৰ্বে মঙলবাৰে নিৰাপত্তা বাহিনীয়ে বুডগামত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন এলইটিৰ সৈতে জড়িত চাৰিজন সন্ত্ৰাসবাদী সহযোগীক গ্ৰেপ্তাৰ কৰে। সন্ত্ৰাসবাদী চাৰিজন সহযোগী মুস্তাক আহমদ, আজহাৰ আহমদ মিৰ, ইৰফান আহমদ ছফী আৰু আব্ৰাৰ আহমদ মালিক বুলি চিনাক্ত কৰা হৈছে।