জম্মু-কাশ্মীৰত পুনৰ সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ। দেওবাৰে শ্বপিয়ান জিলাত সমাত্ৰাসবাদীয়ে এজন সাধাৰণ নাগৰিকক লক্ষ্য কৰি গুলিবৰ্ষণ কৰাত ব্যক্তিজনৰ মৃত্যু ঘটে। ইফালে, এই ঘটনাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰিছে।
উল্লেখ্য যে, বিগত প্ৰায় এমাহৰ ভিতৰতে জম্মু কাশ্মীৰত ৫ প্ৰব্ৰজনকাৰী শ্ৰমিকসহ ১৬ জন সাধাৰণ নাগৰিকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু ঘটিছে।সন্ত্ৰাসবাদী সংগঠনবোৰে নেতা আৰু অ-কাশ্মীৰী লোকসকলক লক্ষ্য কৰি জনসাধাৰণৰ মাজত ভয় সৃষ্টি কৰিছে। সন্ত্ৰাসবাদীসকলৰ এই হতাশা আৰু কাপুৰুষতা উপত্যকাত নিৰন্তৰ দেখা গৈছে। উপত্যকাৰ সন্ত্ৰাসবাদীয়ে নিৰন্তৰ অসামৰিক লোকক লক্ষ্য কৰি আছে। কাশ্মীৰী পণ্ডিতসকলৰ পিছত, সন্ত্ৰাসবাদীয়ে এতিয়া সংখ্যালঘু শিখ সম্প্ৰদায়ক লক্ষ্য কৰি লৈছে।
