জম্মু-কাশ্মীৰত পুনৰ কাশ্মিৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, শ্বহীদ চিআৰপিএফ জোৱান

76

পুনৰ উত্তপ্ত হৈ পৰিছে জম্মু-কাশ্মীৰ। দ্য’ কাশ্মীৰ ফাইলছক লৈ এটা বিশেষ ৰাজনৈতিক দলে নিজৰ স্বাৰ্থ সিদ্ধি কৰাৰ সময়তে পুনৰ জম্মু-কাশ্মীৰত ‘৯০ৰ দৰে আতংকৰ জীৱন পাৰ কৰিবলগা হৈছে কাশ্মিৰী পণ্ডিত সকলে। সোমবাৰে জম্মু-কাশ্মীৰৰ ছোপিয়ান জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হয় এজন কাশ্মিৰী পণ্ডিত।

শ্বোপিয়ানৰ হাৰমেন এলেকাত ঔষধৰ দোকান চলাই জীৱন নিৰ্বাহ কৰা বাল কৃষ্ণ নামৰ এজন কাশ্মিৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীবৰ্ষণ কৰাত ৩ জাই গুলী লাগি আহত হয় কাশ্মিৰী পণ্ডিতজন।

দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতে বাল কৃষ্ণক আক্ৰমণ কৰে তিনিজনীয়া সন্ত্ৰাসবাদীৰ দলটোৱে।

বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বাল কৃষ্ণ। ইফালে একে দিনাই আন দুটা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত এজন চিআৰপিএফ জোৱান শ্বহীদ হোৱাৰ লগতে বিহাৰৰ পৰা গৈ কাশ্মীৰত কৰ্মৰত দুজন শ্ৰমিক আহত হয়।