দেওবাৰে জম্মু আৰু কাশ্মীৰৰ বান্দিপোৰাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত গুলীয়াগুলিত বিজেপি নেতা ৱাচিম বাৰী আৰু তেওঁৰ ভাতৃ-পিতৃৰ হত্যাকাৰী সন্ত্ৰসবাদীজন নিহত হয়। খবৰ অনুসৰি নিৰপত্তাৰক্ষীৰে সংঘৰ্ষত মুঠ দুজন সন্ত্ৰাসবাদী নিহত হয়।
জানিব পৰা মতে সেনাই আজি ৰাতিপুৱা ৱাটনিৰা অঞ্চলত তালাচী আৰম্ভ কৰিছিল। অঞ্চলটোৰ এটা ঘৰত তিনি বা চাৰিজন উগ্ৰপন্থী লুকাই থকাৰ তথ্য পোৱাৰ পিছত সুৰক্ষা বাহিনীয়ে অঞ্চলটোত তালাচী আৰম্ভ কৰে।
এজন বিষয়াই কাশ্মীৰৰ স্থানীয় সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে সেনা আৰু আৰক্ষীৰ উদ্যোগত দিনটোত এটা যুটীয়া অভিযান আৰম্ভ কৰা হয়। নিৰ্দিষ্ট ঘৰটো ঘেৰাও কৰা হয়। আৰক্ষীয়ে সদৰী কৰা মতে নিৰপত্তাৰক্ষীৰ অভিযানৰ উমান পাই সন্ত্ৰাসবাদীৰ দলটোৱে গুলিবৰ্ষণ আৰম্ভ কৰে। যাৰ প্ৰত্যুত্তৰ দিয়ে সেনা আৰু আৰক্ষীয়েও। ফলত সন্ত্ৰাসবাদী দুজন নিহত হয়।
