জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰিল বাছ, ১০ জনৰ মৃত্যু

93

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বুধবাৰে অত্যাধিক যাত্ৰী কঢ়িওৱা এখন মিনিবাছ দ খাৱৈত বাগৰি পৰাৰ ফলত ১০ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে ২৮ জন আহত হয়।

জানিব পৰা মতে, বাছখনে গলি ময়দানৰ পৰা পুঞ্চ অভিমুখে গৈ থকা অৱস্থাত পুৱা প্ৰায় ৮.৩০ বজাত সাওজিয়ানৰ সীমান্ত বেল্টৰ ব্ৰাৰি নল্লাহৰ ওচৰত দুৰ্ঘটনাত পতিত হয়।

পিছত ঘটনাস্থলীত সেনা দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। সেনাৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ ফলত ৯ জনৰ থিতাতে মৃত্যু ঘটে। পিছত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে আন এজনে।

বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ থকা ৯ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাৰ বাবে শোক প্ৰকাশ কৰি মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ সদস্যৰ বাবে ৫ লাখ টকাকৈ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰে।