জন্মু-কাশ্মীৰত BSFৰ উপ-পৰিদৰ্শক দুলাল চন্দ্ৰ শৰ্মাৰ অকাল মৃত্যু, বেবেজীয়াত শোকৰ ছাঁ

221

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ জম্মু কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত অসমৰ এগৰাকী ভাৰতীয় সীমা সুৰক্ষা বাহিনী (BSF)ৰ বিষয়াৰ অকাল মৃত্যুৰ বাতৰি পোৱা গৈছে। অকাল মৃত্যুক আঁকোৱালি লোৱা ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ বিষয়াজন হৈছে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বেবেজীয়া-কুৰুৱাবাহী পথৰ নিবাসী দুলাল চন্দ্ৰ শৰ্মা৷

উল্লেখ্য যে জম্মু কাশ্মীৰৰ কুলগ্ৰাম জিলাৰ বট’গ্ৰামত ভাৰতীয় সীমা সুৰক্ষা বলৰ ৫৮ বেটেলিয়নত উপ-পৰিদৰ্শক ৰূপে কৰ্মৰত শৰ্মাই যোৱা ১৭ ছেপ্টেম্বৰত কৰ্মস্থলীতে নিশা আহাৰ গ্ৰহণ কৰি বাহিনীৰ শিবিৰৰ তৃতীয় মহলাৰ পৰা নামি আহোঁতে চিৰিৰ পৰা অসাৱধানবশতঃ প্ৰায় আঠ ফুট তলত বাগৰি পৰি গুৰুতৰভাবে আহত হয়। লগে লগে বুকু আৰু মূৰত আঘাত পোৱা শৰ্মাক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে যোৱা ১৯ ছেপ্টেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে।

দেশমাতৃৰ হকে সেৱা আগবঢ়াই অকালতে মৃত্যুবৰণ কৰা সীমান্ত সুৰক্ষা বাহিনী (BSF)ৰ উপ-পৰিদৰ্শক দুুলাল চন্দ্ৰ শৰ্মাৰ নশ্বৰদেহ কৰ্মস্থলীৰ পৰা বিশেষ বিমান যোগে গুৱাহাটীলৈ অনাৰ পিছত বুধবাৰে পুৱাৰ ভাগত স্বগৃহলৈ অনা হয়৷ পিছত এক শোকাকুল পৰিবেশত সীমান্ত সুৰক্ষাৰ বিষয়া শৰ্মাৰ শেষকৃত্য সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। শেষ শ্ৰদ্ধা অনুষ্ঠানত জম্মু-কাশ্মীৰৰ পৰা অহা সীমা সুৰক্ষা বাহিনীৰ লগতে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত গায়ত্ৰী শৰ্মা, নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাং, বেবেজীয়াৰ পহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কল্যাণ গগৈকে ধৰি জিলা প্ৰশাসনৰ বহুলোক উপস্থিত থাকে।

সাহসী বিষয়া দুলাল চন্দ্ৰ শৰ্মাৰ এনে অকাল মৃত্যুত স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে। মৃত্যুৰ সময়ত শৰ্মাই পত্নীৰ উপৰি মাতৃ-পুত্ৰসহ বহু আত্মীয় কুটুম্বক ইহসংসাৰত এৰি থৈ যায়। ইপিনে নগাঁৱৰ বেবেজীয়াৰ উপৰি দুলাল চন্দ্ৰ শৰ্মাৰ জন্মস্থান ঘাঁহী ভাটিকুৰি অঞ্চলতো শোকৰ ছাঁ পৰিছে। অঞ্চলৰ ৰাইজে জানিবলৈ দিয়া মতে,অতি অমায়িক আৰু নিষ্ঠাৱান দুলাল চন্দ্ৰ শৰ্মাই দু‌ই-এদিনতে ছুটী লৈ ঘৰলৈ অহা কথা আছিল।