জনতাৰ মূৰত মাধমাৰ! বাণিজ্যিক এলপিজি চিলিণ্ডাৰ মূল্যত বৃদ্ধি কৰা হ’ল ২০৯ টকাকৈ…

351

বহু গ্ৰাহকৰ বাবে এক বৃহৎ বিপৰ্যয়ৰ ৰূপত ৩০ ছেপ্টেম্বৰত তেল বিপণন কোম্পানীসমূহে বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰে। ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৯ কেজি বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ হাৰ ২০৯ টকা বৃদ্ধি কৰা হৈছে।

ফলত ১৯ কেজিৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য এতিয়া নতুন দিল্লীত ১,৭৩১.৫০টকা হ’ব।

এই বৃদ্ধিৰ তাৎক্ষণিক পৰিণতি হিচাপে বাহিৰত খাদ্য গ্ৰহণ কৰাটো ব্যয়বহুল হৈ পৰিব।

১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱা বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ১৫৮ টকা হ্ৰাস কৰাৰ মাত্ৰ এমাহৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে, যাৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানীত ইয়াৰ মূল্য ১৫২২ টকালৈ হ্ৰাস পাইছে।

শেহতীয়াকৈ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ কথাও কেন্দ্ৰই সমগ্ৰ দেশৰ সকলো সংযোগধাৰীৰ বাবে ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ২০০ টকা হ্ৰাস কৰাৰ এমাহৰ অলপ বেছি সময়ৰ পিছত।

বাণিজ্যিক আৰু ঘৰুৱা এল পি জি (তৰলীকৃত পেট্ৰলিয়াম গেছ) চিলিণ্ডাৰ উভয়ৰে বাবে মাহেকীয়া পুনৰীক্ষণ প্ৰতি মাহৰ প্ৰথম দিনটোত কৰা হয়। ইয়াৰ পূৰ্বে আগষ্ট মাহতো বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য অ’এমচিয়ে ৯৯.৭৫ টকা হ্ৰাস কৰিছিল।