সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাই পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।
মে’ মাহত দ্বিতীয়বাৰৰ বাবে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি পালে এই মূল্য।
প্ৰতিটো ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম ৩.৫০ টকাকৈ বৃদ্ধি পাইছে।
আনহাতে ৮ টকাকৈ বৃদ্ধি পাইছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।
এইদৰে পুনৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধি হোৱাৰ ফলত দেশত ৰন্ধন গেছৰ মূল্য ১০০৫ টকা হৈছেগৈ।
উল্লেখ্য যে, পেট্ৰ’ল-ডিজেলৰ লগতে হোৰাহোৰে বৃদ্ধি হৈ আছে গেছ চিলিণ্ডাৰৰ মূল্য।
ইপিনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক।
