দেওবাৰে জখলাবন্ধা আৰু বুঢ়া পাহাৰত অভিযান চলাই আৰক্ষীয়ে মৰাণাস্ত্ৰসহ ৩জন চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়। জখলাবন্ধা আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰে চোৰাং চিকাৰী কেইজনক। ধৃত চোৰাং চিকাৰী কেইজন ক্ৰমে নাগালেণ্ডৰ ডেনি ইয়প’থমি, ৰূপহীহাটৰ চাইদৰীয়াৰ আনোৱাৰ হুছেইন আৰু ৰূপহীহাটৰ ৯ নং কাঠপাৰাৰ ৰফিকুল ইচলাম বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে চোৰাং চিকাৰী কেইজনৰ পৰা চাইলেঞ্চাৰসহ এটা থ্ৰী-নট-থ্ৰী ৰাইফল আৰু ১০ ৰাউণ্ড থ্ৰী-নট-থ্ৰী ৰাইফলৰ গুলি জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে¸ আনোৱাৰ হুছেইনক ২০১৯বৰ্ষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।সম্প্ৰতি জখলাবন্ধা আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
