ছেপ্তেম্বৰৰ মাহৰ পৰা ৰাজ্যত শিক্ষানুষ্ঠান খোলাৰ পৰিকল্পনা

106

ষ্টাফৰিপৰ্টাৰ, ছেপ্তেম্বৰৰ মাহৰ পৰা ৰাজ্যত শিক্ষানুষ্ঠান খোলাৰ পৰিকল্পনা কৰা হৈছে।আগষ্ট মাহত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে ছেপ্তেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব স্কুল-কলেজত পাঠদান।ইতিমধ্যে এই মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।মন্ত্ৰীশৰ্মাই কয় “শিক্ষানুষ্ঠান খোলা সন্দৰ্ভত ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰিছে। অসমত কৰ’নাৰ সংক্রমণ লাহে লাহে নিয়ন্ত্রণলৈ আহিছে৷আগষ্ট মাহৰ শেষৰফালে ক’ৰ’নাৰ সংক্ৰমণৰ হাৰ কমিব আৰু তাৰ পিছত ছেপ্তেম্বৰ মাহৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ খুলিব পাৰিব বুলি আশা কৰিছে ৰাজ্য চৰকাৰে।অসমৰ শিক্ষার্থীসকলৰ এটা শিক্ষাবর্ষ নষ্ট হ’বলৈ দিব নোৱাৰি৷গতিকে কি প্রকাৰে পুনৰ শিক্ষানুষ্ঠান খুলিব পাৰে তাৰ পৰিকল্পনা চৰকাৰে কৰি আছে৷”