ছাটাৰগাঁৱক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ বাবে তৎপৰতা ৰংমন ট্যুৰিজিম ছচাঁইটি আৰু সত্য সাই সেৱা সমিতিৰ

67

গুৱাহাটী: গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাৰ গাতে লগা ৰাণী বনাঞ্চলৰ নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ‘ছাঁটাৰগাওঁক ৰংমন ট্যুৰিজিম ছচাইটিযে জন্মলগ্নৰে পৰা পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্রবিন্দুলৈ উন্নীতকৰণৰ বাবে কাম কৰি আহিছে । শেহতিয়াকৈ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন শ্ৰী শ্ৰী সত্য সেৱা সমিতিয়ে ৰংমন ট্যুৰিজিম ছচাঁইটিৰ সহযোগত লকডাউনৰ শিথিলতাৰ পাছত গাঁওখনক পৰ্যটনৰ কেন্দ্ৰবিন্দুত পৰিণত কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে ।

এই তৎপৰতাৰ অংশহিচাপে শ্ৰী শ্ৰী সত্য সাই সেৱা সমিতিয়ে অহা কেইদিনৰ ভিতৰতে ১০ টা উচ্চ ক্ষমতাসম্পন্ন সৌৰশক্তি চালিত ষ্ট্ৰীটলাইট স্থাপন কৰিব । ৰংমন ট্যুৰিজিম ছচাঁইতিৰ কৰ্মকর্তা প্ৰমোদ কলিতা , অখিল ৰংপী , পৱন কলিতাই জানিবলৈ দিয়া মতে আজি পৰ্যন্ত বিদ্যুৎ সংযোগ নোহোৱা গাওঁখনত ছচাঁইটিয়ে আৰ্ট অৱ লিভিঙৰ উদ্যোগত ২০১৭ চনতে তাৰ ৬২ পৰিয়ালক সৌৰশক্তি চালিত বিদ্যুৎ যোগান ধৰিছে। যাৰ ফলত প্ৰতিটো পৰিয়ালে নিজৰ ঘৰখন পোহৰাই ৰাখিবলৈ সক্ষম হৈছে। তেনেদৰে বৰাগাওঁত থকা ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকনলজীয়ে ( আই অ এছ এছ টি ) বিগত বৰ্ষত চাৰিটা উচ্চ ক্ষমতা সম্পন্ন সৌৰশক্তি চালিত ষ্ট্ৰীটলাইট স্থাপন কৰিছে । ফলত বনৰীয়া হাতীৰ সৈতে সহাৱস্থান কৰা গাঁও হিচাপে পৰিগণিত অঞ্চলটোৰ ৰাইজৰ নিশাৰ ভাগত চলাফিৰা কৰাত বহুখিনি সহায়ক হৈছে । আনহাতে শ্ৰী শ্ৰী সত্য সাই সেৱা সমিতিৰ সভাপতি সত্যেন শৰ্মাই জানিবলৈ দিয়া মতে তেওঁলোকে গাঁওখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্র হিচাপে গঢ় দিয়াৰ লগতে বাসিন্দা সকলক স্বাবলম্বী কৰাৰ বাবেও আঁচনি গ্ৰহণ কৰিব।

বিশেষকৈ পশুপালনৰ দিশটোত অধিক গুৰুত্ব আৰোপ কৰিব । উল্লেখযোগ্য যে আজাৰা – ৰাণী সংযোগী এন ই চি পথৰ সজ্জনপাৰাৰ পৰা ছাটাৰগাওঁলৈ যোৱা প্ৰায় চাৰে ছয় কিঃমিঃ দূৰত্বৰ পথচোৱা স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ তৎপৰতাত ২০১৭- ১৮ বৰ্ষত পকীকৰণ কৰি নতুনকৈ নিৰ্মাণ কৰাৰ পাছৰেপৰা সৌন্দৰ্যৰ ভুস্বর্গ হিচাপে পৰিচিত ছাটাৰগাঁৱলৈ পৰ্যটকৰ আগমন হৈছে। ইতিমধ্যে ৰংমন ট্যুৰিজিম ছচাঁইটিৰ উদ্যোগত পৰ্যটকৰ বাবে হোম ষ্টে হোমৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ লালমাটিত থকা ভাৰতীয় উদ্যোমিতা প্ৰতিষ্ঠান চমুকৈ আই আই ই ৰ মুখ্য প্ৰকল্প বিষয়া হেমন্ত ৰাভাৰ নেতৃত্বত তাৰ কেইবাজনো উদ্যমি যুঁৱকক প্ৰশিক্ষণ দিয়া হৈছে ।ইফালে ছাটাৰগাওঁত পৰ্যটনৰ ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে কাম কৰি অহা প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে অসমৰ মুখ্যমন্ত্ৰীৰ আহ্বান অনুসৰি ‘ভোকেল ফৰ লোকেল’ নীতি অনুসৰি ৰাজ্যৰ ভিতৰত এখন ঠাইৰ পৰ্য্যটক আন এখন ঠাইলৈ যাতে যাব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হব। ইয়াৰ বাবে দীপৰ বিলৰ পৰা ছাটাৰগাঁওৰ গাতে লগা অসম-মেঘালয় সীমান্তৰ ৰাণী অঞ্চলক সামৰি এক টুৰিষ্ট চাৰ্কিট ঘোঁখনা কৰিবলৈ পৰ্য্যটন বিভাগক দাবী জনোৱা হৈছে ।