ষ্টাফৰিপ’ৰ্টাৰ মহানগৰীৰ জি এছ ৰোড, খ্ৰীষ্টানবস্তিস্থিত ছ’নী চেণ্টাৰ গুৱাহাটীয়ে সফলতাৰে ২০ টা বৰ্ষ অতিক্ৰম কৰিলে। এই যাত্ৰা সন্দৰ্ভত আৰ এন এছ গ্রুপ তথা ছ’নী চেণ্টাৰ গুৱাহাটীৰ সঞ্চালক ৰাজীৱ জৈনে কয়” কুৰিটা বৰ্ষ এক উল্লেখনীয় যাত্রা হিচাপে চিহ্নিত হৈছে। ছ’নীৰ প্ৰিমিয়ম সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত ছ’নী চেণ্টাৰ গুৱাহাটীয়ে ‘ওৱান ষ্ট’প কেন্দ্ৰ’ হিচাপে চিহ্নিত হৈছে। গ্ৰাহকৰ পৰা উল্লেখনীয় সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে এই চেণ্টাৰে”। তেওঁ লগতে কয়”-গ্ৰাহকক উন্নত আৰু ৰুচিসম্পন্ন সেৱা আগবঢ়োৱাটো আমাৰ কৰ্তব্য”। উক্ত কেন্দ্ৰটোত ছ’নীৰ বিভিন্ন প্ৰকাৰৰ টিভি, কেমেৰা, অডিঅ’,আদি বিভিন্ন ধৰণৰ সামগ্রী উপলব্ধ হৈছে। ছ’নী চেণ্টাৰ গুৱাহাটীয়ে গ্ৰাহকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পুৰণি সামগ্ৰীৰ বদলিৰ ব্যৱস্থা কৰাৰ লগতে কিস্তি ভিত্তিত সামগ্রী ক্ৰয় কৰাৰ সুবিধা উপলব্ধ কৰিছে। উল্লেখযোগ্য যে, অসমত ৭ খন ছ’নীৰ সেৱা কেন্দ্ৰ আছে। তিনিখন ছ’নীৰ খুচুৰা ব্যৱসায় প্ৰতিষ্ঠান আছে। ছ’নী ইণ্ডিয়া প্ৰাইভেট লিমিটেডে দেশৰ ভিতৰতেই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।
Latest article
২৮ অক্টোবৰত গুৱাহাটীত ব্যতিক্ৰম-এ স্মৰণ কৰিব ভাৰতীয় সংগীত জগতৰ কিংবদন্তী শচীন দেৱ বৰ্মনক
সামাজিক-সাংস্কৃতিক সংগঠন ব্যতিক্ৰমে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আইটিএ চেণ্টাৰত অহা ২৮ অক্টোবৰত ভাৰতীয় সংগীত জগতৰ কিংবদন্তি শচীন দেৱ বৰ্মনৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰিবলৈ সাজু হৈছে।
ত্ৰিপুৰা...
নিজ কৰ্মক্ষেত্ৰত অসুৰক্ষিত বুলি অনুভৱ কৰে দেশৰ ৫৮.২% চিকিৎসকে
ভাৰতৰ অধিকসংখ্যক চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে তেঁওলোকৰ কৰ্মক্ষেত্ৰত সুৰক্ষিত বুলি অনুভৱ নকৰে। এক জৰীপত এই কথা পোহৰলৈ আহিছে। বৰধমান মহাবীৰ চিকিৎসা মহাবিদ্যালয় (ভিএমএমচি), চফদৰজং...
এভন ইণ্ডিয়াই মহিলা উদ্যোগীসকলক শক্তিশালী কৰিবলৈ “আই এম শক্তি” অভিযান আৰম্ভ কৰিছে
এভন ইণ্ডিয়াই প্ৰতিষ্ঠানটোৰ মহিলা প্ৰতিনিধিসকলৰ শক্তি আৰু বহনক্ষমতাক উদযাপন কৰি “আই এম শক্তি” অভিযান আৰম্ভ কৰিছে। দেৱী দুৰ্গা আৰু লক্ষ্মীৰ গুণৰ পৰা অনুপ্ৰাণিত হৈ...