উত্তৰ প্ৰদেশৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আইএএছ) এজন বিষয়াই ৰাস্তাৰ কাষৰ দোকানত পাচলি বিক্ৰী কৰা এখন ছবি ছচিয়েল মিডিয়াত তীব্ৰ চৰ্চিত হৈছে। ৰাজ্যখনৰ পৰিবহণ বিভাগৰ বিশেষ সচিবৰ পদত অধিষ্ঠিত আইএএছ বিষয়া অখিলেশ মিশ্ৰক পাচলি লৈ ৰাস্তাৰ কাষৰ দোকানত বহি থকাৰ ফটোখনক লৈ নেটিজেনৰ মাজত চলিছে সৰৱ চৰ্চা।
বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ হোৱা এই ছবিখনৰ আঁৰৰ কাহিনীক লৈ অনেকেই অনেক মত প্ৰকাশ কৰিছে। তাৰ মাজতে আইএএছ বিষয়াগৰাকীয়ে নিজেই প্ৰকাশ কৰিছে ফটোখনৰ আঁৰৰ কাহিনী।
অখিলেশ মিশ্ৰই প্ৰকাশ কৰা অনুসৰি চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা তেওঁৰ ফটোখন আচলতে প্ৰয়াগৰাজত তেওঁৰ বন্ধুৱে তুলিছিল। তেওঁ লগতে কাহিনী বৰ্ণনা কৰি কয় যে, কৰ্ম সম্পাদন কৰাৰ পিছত যেতিয়া তেওঁ পাচলি কিনিবলৈ ৰাস্তাৰ কাষৰ এখন দোকানত উপস্থিত হৈছিল, তেতিয়া এই ফটোখন তোলা হৈছিল।
দৰাচলতে পাচলি দোকানখনৰ মালিক বৃদ্ধা গৰাকীয়ে অলপ সময়ৰ বাবে দোকানখন চোৱাচিতা কৰিবলৈ তেওঁক অনুৰোধ জনাই ওচৰৰ এঠাইলৈ গৈছিল। আনহাতে মহিলাগৰাকী গুচি যোৱাৰ পিছতে দোকান খনলৈ এজন গ্ৰাহক অহাত আইএএছ গৰাকীয়ে নিজেই গ্ৰাহকজনক পাচলি বিক্ৰী কৰে।
সেই সময়তে তেওঁৰ সৈতে উপস্থিত থকা এজন বন্ধুৱে মোবাইল কেমেৰাত তেওঁ পাচলি বিক্ৰী কৰি থকাৰ এখন ফটো তুলি চচিয়েল মিডিয়াত পোষ্ট কৰে। যাৰ পিছতে ছবিখন ভাইৰেল হৈ পৰে।
উল্লেখ্য যে, পশ্চিম বংগৰ মুৰ্শিদাবাদৰ এজন অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ এটা ভিডিঅ’ কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত একেদৰে ভাইৰেল হৈছিল।যত আৰক্ষী অধীক্ষক গৰাকীয়ে ৰাস্তাৰ কাষত মধুৰী আম বিক্ৰী কৰি থকা দেখা গৈছিল। কিন্তু প্ৰকৃততে তেওঁ দোকানখনলৈ সেয়া কিনিবলৈহে গৈছিল।