ষ্টাফৰিপৰ্টাৰ, ছ’চিয়েল মিডিয়া যোগে সোমবাৰে অখিল গগৈৰ পত্নী গিতাশ্ৰী তামুলীয়ে এটা পোষ্ট দিয়ে। পোষ্টটো তলত উল্লেখ কৰা হ’ল
“কেইবামাহো হ’ল। ঘৰত টিভি নাই। বহু কথা নজনাকৈ ৰৈ যায়। এই মাত্ৰ ফেচবুকত দেখিছোঁ, অখিলৰ শৰীৰ অসুস্হ। কভিদৰ লক্ষণ। কি ক’ম বুজি পোৱা নাই। বহুতে মোক ফোন কৰি বা আন ধৰণে ও সোধে, ‘দাদা ভালে আছেনে?’ কিন্তু মই নো কি জানো?কাৰ্যত: গুৱাহাটীৰ পৰা লৈ যোৱাৰ পাছত লগ ধৰিব পৰা নাই। আগেয়ে NSAত গ্ৰেপ্তাৰ কৰি ঘূৰাই ফুৰোতে মাজৰাতি থানা এখনৰ পৰা ফোন কৰি জনাইছিল। এইবাৰ কোনো বতৰা নাই। ফোন নাই। ডিব্ৰুগড়ত থাকোঁতে অসম আৰক্ষীৰ ডিজিপি মহোদয়ক ফোন কৰাত উপায়ুক্তক অনলাইন এপ্লিকেচন দিবলৈ কলে। দিলো। দুসপ্তাহ মানৰ পাচত উত্তৰ আহিল, ‘Rejected’. আৰু তাৰ কাৰণো ‘Rejected’.
গুৱাহাটীলৈ আহিল। বাৰে বাৰে জেলৰ সমুখৰ পৰা ঘূৰি আহিলো। NIA কৰ্টৰ অনুমতি লৈ গ’লে ও আমাক, মানে অধিবক্তা আৰু মোক কৰনাৰ দোহাই দি লগ ধৰাৰ অনুমতি নিদিলে। ২৯জুনত ক’ৰ্টত হাজিৰ কৰাব বুলি বাট চালো। তাৰ আগতে গুৱাহাটীত লকডাউন। এতিয়া বাতৰি-কাকত বা চেনেল কেইটাৰ বাহিৰে জনাৰ একো উপায় নাই। আইনী পৰামৰ্শ, সেই বিষয়ৰ আলোচনা, বেমাৰ- এইবোেৰ এতিয়া অভিযুক্ত বা তেওঁলোকৰ পৰিয়ালবোৰৰ অধিকাৰৰ ক্ষেত্ৰত নপৰিবও পাৰে। এতিয়া যে কভিডে অনা জৰুৰী অৱস্হা চলি আছে। তথাপি এই মুহূৰ্তত মোৰ হাতত থকা একমাত্ৰ মাধ্যমটোৰে মোৰ এই উদ্বিগ্নতাখিনি উলিয়াই দিলো।”