চৰাইদেউৰ সাপেখাতীত কৰ’নাত আক্ৰান্ত এজন

72
A health worker collects a swab sample from a man for a Covid-19 coronavirus test at a public health centre in Hyderabad on September 17, 2020. (Photo by NOAH SEELAM / AFP) (Photo by NOAH SEELAM/AFP via Getty Images)

চৰাইদেউ জিলাৰ সাপেখাতীত কৰ’নাত আক্ৰান্ত হৈছে এজন লোক৷ কৰ’নাত আক্ৰান্ত হোৱা ব্যক্তিগৰাকী মঙলদৈৰ মহেশ বৰুৱা (৪৭)৷ পেচাত মহেশ বৰুৱা এজন ব্যৱসায়ী। মহেশ বৰুৱা নামৰ ব্যৱসায়ীজন যোৱা ৩ এপ্ৰিলত মঙলদৈৰ পৰা আহি ব্যৱসায় সূত্ৰে সাপেখাতী লখিমীপাম অঞ্চলৰ মহিম বৰগোঁহাইৰ গৃহত ভাড়াতীয়া হিচাপে আছিল। মহেশ বৰুৱাই মঙলদৈৰ নিজ গৃহৰ পৰা অহা দিন ধৰি অত্যাধিক জ্বৰ আৰু কাঁহত আক্ৰান্ত হোৱাত ৰেপিড এন্টিজেন টেষ্ট কৰাত বৰুৱাৰ দেহত কৰ’না পজিটিভ ধৰা পৰে ৷