চৰকাৰৰ ঘৰত সিন্ধী খান্দিলে চোৰে

114

চৰকাৰৰ ঘৰত সিন্ধী খান্দিলে চোৰে ৷ নিলে বহুতো আজবাব পত্ৰ ৷ চাঞ্চল়্য বকোৰ ছমৰীয়া অঞ্চলত।

উল্লেখ্য যে কামৰূপ জিলাৰ ছমৰীয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত তলা ভাঙি চোৰে লুটিলে বহুত সা-সামগ্ৰী ৷ তিনিটা দৰ্জাৰ তলা ভাঙি ৰাজহ চক্ৰ কাৰ্যালয় গৃহত প্ৰৱেশ কৰি ১৬ টা বেটাৰী, কম্পিউটাৰৰ সা-সামগ্ৰী চোৰে লুটি নিয়ে ৷ ৰাতিপুৱা ৰাহজ চক্ৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জনে কাৰ্যালয় খুলিবলৈ আহি তলা ভঙা প্ৰত্যক্ষ কৰি হুৱদুৱা লগায় ৷ পিছত ছমৰীয়া আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কালী চৰন ৰয়ে তদন্ত আৰম্ভ কৰে ৷ কাৰ্যালয়ৰ সন্মূখত জংঘলত চোৰৰ দলটোৱে কম্পিউটাৰৰ ই পি এচ, ফিটা আদি পেলাই থৈ যায় ৷ এই ঘটনাই অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰিছে ৷