চোৱা নহ’ল টিলিঙা মন্দিৰ, খোৱা নহ’ল বনভোজ! পুৱাই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ১২ জনৰ, আহত ৩১

329

নতুন বছৰৰ আৰম্ভণিতে বনভোজলৈ গৈ অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল ১২ জনকৈ লোকে। পুৱাই এক শোকাবহ দু্ৰ্ঘটনাই জোকাৰি যায় গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত। বনভোজযাত্ৰীৰ আল্ট্ৰা বাছ আৰু এখন কয়লাভৰ্তি ট্ৰাকৰ মাজত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত ৩ শিশুসহ থিতাতে মৃত্যুক সাৱটি লয় ১২ জন লোক। এই দুৰ্ঘটনাত আন ৩০ জন লোক আহত হৈ বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে।

জানিব পৰা মতে, গোলাঘাটৰ আঠখেলীয়া ভৰলুৱা গাঁৱৰ ৪৫ জন লোকে নৱবৰ্ষৰ আৰম্ভণিতে বনভোজৰ পৰিকল্পনা কৰিছিল। তেওঁলোকে প্ৰথমে ঐতিহাসিক টিলিঙা মন্দিৰ দৰ্শন কৰি পিছত বগীবিলত বনভোজ খোৱাৰ পৰিকল্পনা কৰি পুৱা ৩.৩০ বজাত বাছত উঠিছিল।

কিন্তু যাত্ৰা আৰম্ভ হোৱাৰ মাত্ৰ ১ ঘণ্টা পিছতে দেৰগাঁৱৰ বালিজানত ভুল দিশেৰে অহা এখন কয়লাভৰ্তি ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে আল্ট্ৰা বাছখনৰ। দুৰ্ঘটনাত সম্পূৰ্ণৰূপে চূচুৰ্মৈ হৈ পৰা বাছখনৰ ভিতৰত থিতাতে মৃত্যু ঘটে ১১ জনৰ। ইফালে ট্ৰাকখনৰ চালকজনৰো মৃত্যু ঘটে দুৰ্ঘটনাত।

নিহত সকলৰ পৰিচয় অনিমা শইকীয়া, দিপালী শইকীয়া, নৱজিৎ শইকীয়া, পিংকী শইকীয়া, ৰিংকি বৰা, ১০ বছৰীয়া নিহাৰিকা শইকীয়া, ১৩ বছৰীয়া শুভাংকৰ শইকীয়া, নিত্যানন্দ বৰা, প্ৰিন্সিপ্ৰিয়া বৰা, চিত্ৰা বৰা, মৃদুল বৰা(বাছৰ চালক), নুৰ আলম (টেংকাৰ চালক) বুলি জানিব পৰা গৈছে।

ইফালে এই দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকসকলে আহত্ সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শোক প্ৰকাশ কৰিছে। চৰকাৰে নিহত সকলৰ পৰিয়ালক ২ লাখ আৰু আহত সকলক ৫০ হাজাৰ টকাকৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰিছে।