চোৰৰ নজৰ এতিয়া দুখীয়াৰ ধনত । দলগাঁৱত দিন দুপৰতে সংঘটিত হৈছে চুৰিৰ ঘটনা। বেংকৰ পৰা ধন ওলাই হোটেলত বহি চাহ খোৱাৰ সময়তে ৬০ হাজাৰ টকা লৈ উধাও হয় চুৰ। যি দৃশ্য বন্দী হৈছে হোটেলখনৰ চি চি কেমেৰাত। জানিব পৰা দলগাঁৱৰ শিলবৰী আৰক্ষী চকীৰ অন্তৰ্গত ২নং কছাৰীভেটিটোপ গাঁৱৰ ফইজুল ইছলামে যোৱা ১৯ জুলাইৰ তাৰিখে অৰ্থাৎ বুধবাৰে দলগাঁও ষ্টেট বেংকৰ পৰা উঠোৱা ৫০ হাজাৰ আৰু সা সামগ্ৰী ক্ৰয়ৰ বাবে ঘৰৰ পৰা নিয়া ১০ হাজাৰ টকা লৈ ওচৰতে থকা মনিমুগ্ধ হোটেলত চাহ খাই থকা অৱস্থাত মুঠ ৬০ হাজাৰ টকা থকা বেগ চুৰে চুৰি কৰি লৈ উধাও হয় । চুৰি কৰাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে হোটেলখনৰ চি চি কেমেৰাত। নগদ ৬০ হাজাৰ টকাৰ লগতে বেগত থকা ভোটাৰ কাৰ্ড ,আধাৰ কাৰ্ড,বেংক পাচবুক আদি লৈ যায় যদিও পিছত বেংক পাচবুক ,আধাৰ কাৰ্ড আদি পিছত উদ্বাৰ হয় । দৰিদ্ৰ ব্যক্তি গৰাকীয়ে বুধবাৰে অসম মালা আচঁনি পৰা লাভ কৰা ধন উঠাব আহিছিল দলগাও ষ্টেট বেংকত । ঘটনা সন্দৰ্ভত দলগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে। আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।
