চৈয়দ আব্দুল মালিকৰ কবিতা বিতৰ্ক সম্পৰ্কে অসম সাহিত্য সভা

124

ষ্টাফৰিপোৰ্টাৰ, ২২ এপ্ৰিল :: সমগ্ৰ বিশ্বৰ মহা সংকটৰ সময়ত নামে কামে অসমীয়া চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া ‘কবিতাটিৰ সন্দৰ্ভত দুই একৰ মতামত দেখি আমাৰ পুতৌ উপজিছে।কবিতাটো পঢ়ি অনুপ্ৰাণিত হৈ দৰঙৰ আন এগৰাকী অসমীয়া সাহিত্যিক এম ইব্ৰাহীম আলিয়ে ‘তুমি যদি অসমীয়া’ কবিতা লিখিছিল। দুয়োটা কবিতাই অসমীয়া কাব্য কাননৰ সুন্দৰ দেশপ্ৰেমমূলক দুটি সুগন্ধি পুষ্প। আমাৰ অসম- গৌৰৱ সাহিত্যিক গৰাকী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি। এই মহৎ কবিতাটিক লৈ কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নকৰিবলৈ আহ্বান জনালোঁ। আমাৰ দেহ -মনৰ ৰন্ধে ৰন্ধে এই কবিতাৰ অনুৰণন প্ৰবাহিত। অসমীয়া জাতীয়তাবাদী চিন্তা-চেতনাৰ এক ফল্গু-উৎস ‘মই অসমীয়া’। ডঃপৰমানন্দ ৰাজবংশী;প্ৰাক্তন সভাপতি,অসম সাহিত্য সভা