চুৰাটত অএনজিচিৰ গেছ প্ৰচেছিং প্লান্টত ভয়ংকৰ অগ্নিকাণ্ড

76

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱা গুজৰাটৰ চুৰাট জিলাৰ হাজিৰাত থকা অইল এণ্ড নেছাৰেল গেছ কৰ্প’ৰেছনত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। পুৱা প্ৰায় ৩.৩০ বজাত অএনজিচিৰ গেছ টাৰ্মিনেলত এই অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও স্থানীয় অঞ্চলটোৰ বৃহৎ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, চুৰাটৰ তৈল খাদত ইয়াৰ পূৰ্বেও অগ্নিকাণ্ড সংঘটিত হৈছিল।