চুবুৰীয়া ৰাজ্য মেঘালয়ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। দুটা পৃথক পৃথক অভিযানত প্ৰায় এক কিলোগ্ৰাম হেৰ’ইন জব্দ কৰিছে আৰক্ষীয়ে।উল্লেখযোগ্য যে এক গোপন তথ্যৰ ভিত্তিত ৰিভয় জিলাৰ আৰক্ষীয়ে নংপোত শিলচৰৰ পৰা গুৱাহাটী অভিমুখী এ এছ ২৪ এ চি ১১৫২ নম্বৰৰ এখন নৈশ বাছত তালাচী চলাই জব্দ কৰে ৩০ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ। বাকচ কেইটাৰ পৰা মুঠ ৯২১ গ্ৰাম হেৰʼইন জব্দ কৰা হয়।জব্দ কৰা হেৰ’ইনৰ মূল্য প্ৰায় ৯ কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। হেৰ’ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বাচখনৰ চালক আৰু সহ-চালকৰ লগতে এজন আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
