চুক্তি পত্ৰ বাতিল কৰি শিক্ষা সঞ্চালক পৰ্যায়ত অনলাইন যোগে চুক্তি কৰাৰ ব্যৱস্থা কৰাৰ দাবী-সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ

101

ষ্টাফৰিপৰ্টাৰ, অসমৰ প্ৰাথমিক স্তৰত কৰ্মৰত প্ৰায় তিনি সহস্ৰাধিক টেট উত্তীৰ্ণ ঠিকাভিত্তক শিক্ষকক অসম চৰকাৰে প্ৰায় নিয়মীয়াকৰণ কৰাৰ ঘোষণা কৰি উক্ত শিক্ষকসকলে নিয়মীয়া শিক্ষকসকলৰ সমপৰ্যায়ৰ সকলো সা-সুবিধা লাভ কৰিব বুলি শিক্ষামন্ত্ৰী ড°হিমন্ত বিশ্বশৰ্মাই নিজে এক সংবাদ মেল যোগে ঘোষণা কৰাত ইমানদিনে চৰম অনিশ্চয়তাত ভুগি থকা এই বুজন পৰিমানৰ শিক্ষকে স্বস্তিৰ নিশ্বাস পেলাইছিল যদিও সম্প্ৰতি শিক্ষা বিভাগে বিদ্যালয় পৰিচালনা সমিতিৰ সৈতে পুনৰ নতুনকৈ চুক্তিবদ্ধ হবলৈ নিৰ্দ্দেশনা জাৰী কৰাত এক প্ৰকাৰে শিক্ষকসকল ক্ষুদ্ধ হৈ পৰা দেখা গৈছে ৷ যোৱা প্ৰায় আঠটা বছৰে নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ পিছতো ৰাজ্যখনৰ মুঠ ২৯৭০১ গৰাকী শিক্ষকক নিয়মীয়া কৰণৰ পৰিবৰ্তে বিদ্যালয় পৰিচালনা সমিতিৰ সৈতে পুনৰ চুক্তি পত্ৰত চহী কৰাবলৈ বাধ্য কৰাব বিচৰা কাৰ্যই এই মেধা শিক্ষকসকলক মানসিক ভাৱে অত্যাচাৰ কৰিছে বুলি সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ চুক্তি পত্ৰখনত ৬০ বছৰলৈ চাকৰি ম্যাদ বৃদ্ধি কৰা,Revision of pay(ROP) ৰ মতে বেতন দিয়া,বেংক লোন প্ৰদান কৰা আদিৰ বিষয়ে উল্লেখ কৰা হৈছে যদিও কাৰ্যত পৰিচালনা সমিতিৰ সৈতে হোৱা চুক্তিবদ্ধই ইয়াৰ নিশ্চিতকৰণক খণ্ডন কৰিছে ৷কিয়নো ঠিকা ভিত্তিক শিক্ষকৰ চাৰ্ভিছ বুক নাই গতিকে এই চুক্তিপত্ৰ চাই কোনো বেংকেই লোন অনুমোদন নিদিয়াটো খাটাং ৷সেয়েহে উক্ত চুক্তি পত্ৰখন বাতিল কৰি শিক্ষা সঞ্চালক পৰ্যায়ত অনলাইন যোগে চুক্তি কৰাৰ ব্যৱস্থা কৰিবলৈ সন্থাৰ সাধাৰণ সম্পাদক নিৰ্মল কুমাৰ গোৱালাই দাবী জনাইছে ৷লগতে চুক্তি পত্ৰখন নিৰ্দ্দিষ্ট সময়ৰ মূৰে মূৰে স্বতঃস্ফূৰ্তভাৱে নৱীৰকৰণৰ ব্যৱস্থা কৰিবলৈও দাবী জনায় ৷