চীনত পুনৰ কোভিডৰ সন্ত্ৰাস, কেইবাখনো চহৰত লকডাউন ঘোষণা

110

আকৌ এবাৰ চীনত সন্ত্ৰাসৰ সৃষ্টি কৰিছে কোভিড মহামাৰীয়ে।

চীনত পুনৰ বৃদ্ধি পাইছে কোভিডৰ প্ৰকোপ৷

শেহতীয়াকৈ চীনৰ কেইবাখনো নতুন চহৰত ঘোষণা কৰা হৈছে লকডাউন।

চীনত দেওবাৰে ৩,৩৯৩ টা নতুন কোভিড-১৯ ৰোগী ধৰা পৰাৰ তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে৷

কোৰোনাই চীনৰ জিলিন প্ৰদেশত বৰ্তমান তীব্ৰ ৰূপ ধাৰণ কৰিছে।

ছি জিন পিঙৰ চৰকাৰে কোৰোনাৰ বৰ্দ্ধিত সংক্ৰমণ ৰোধ কৰিবলৈ চীনৰ ১০ খন চহৰত লকডাউন ঘোষণা কৰিছে।

জিলিন প্ৰদেশৰ সৰু চহৰ চিপিং আৰু ডুনহুয়া বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে বন্ধ ঘোষণা কৰা হৈছিল।

চীন কৰ্তৃপক্ষই জিলিন চহৰত এখন অস্থায়ী চিকিৎসালয় নিৰ্মাণৰ কাম চলাই আছে।

ছিনহুয়াৰ বাতৰি অনুসৰি, ৬,০০০ বিচনাৰে এই চিকিৎসালয়খন ৬দিনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

কোৰোনা সংক্ৰমণ কেৱল চীনতে নহয়, ইউৰোপৰ বহুতো দেশত ক’ৰোনা সংক্ৰমণ বৃদ্ধি পাইছে।

অৱশ্যে,ভাৰতত কোভিডৰ গ্ৰাফ এতিয়া যথেষ্ট নিয়ন্ত্ৰণত আছে।