চিৰাঙৰ বিজনীৰ ৩ নং লক্ষীঝৰাত চাঞ্চল্য।একেডাল ৰচিত চীপ লৈ আত্মহনন নাবালক প্ৰেমিক-প্ৰেমিকাৰ।এখন ৰবৰ বাগানত আত্মহনন প্ৰেমিক যুগলৰ।মৃত লৰাজন বঙাইগাঁও জিলাৰ চিপনচিলাৰ আৰু ছোৱালীজনী বিজনীৰ বৰগাঁও বটিয়াগুৰীৰ।আত্মহননৰ কাৰণ জানিব পৰা হোৱা নাই। পাণবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।বিজনীৰ কাৰ্যবাহী দণ্ডাধিশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ।
