চিৰাঙত বনৰীয়া হাতীৰ আক্ৰমনত নিহত এজন, মৃতদেহ লৈ পথ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ

73

চিৰাং:- চিৰাঙৰ বিজনীত বনৰীয়া হাতীৰ আক্ৰমনত এজন লোক নিহত । আজি ৰাতিপুৱা ৪.৩০ মান বজাত বিজনীৰ ১ নং বিষ্ণুপুৰ বজাৰৰ ওচৰত হাতীৰ আক্ৰমনৰ ফলত লোকজন নিহত হয়।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমনত নিহত হয় ঝাৰবিষপানী গাঁওৰ অধৰ মেধি (৬১) নামৰ লোকজন। ৰাজপথত হাতীৰ আক্ৰমনত মৃত্যু হোৱা লোক গৰাকীৰ মৃতদেহ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে৷ বন বিভাগ মন্ত্ৰী, বন বিভাগক ধিক্কাৰ সাব্যস্ত কৰে এই প্ৰতিবাদ।

বিষ্ণুপুৰ আঞ্চলিক সমিতি সদৌ বিটিচি বঙালি যুৱ ছাত্ৰ ফেডাৰেচনৰ সম্পাদক সুখদেৱ ৰাজবংশীয়ে চৰকাৰক অতি সোনকালে দৰিদ্ৰ পৰিয়ালটোক ২০ লাখ টকাৰ এককালীন আৰ্থিক সহায়ৰ দাবী জনায়।

ঘটনা স্থলিত পাণবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে জিলা সদৰ কাজলগাঁওলৈ প্ৰেৰণৰ চেষ্টা চলায় যদিও ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হয়। নিতৌ বনৰীয়া হাতীৰ আক্ৰমনৰ ঘটনা সংঘটিত হৈ থকাৰ পিচতো বন বিভাগৰ কোনো শীৰ্ষ বিষয়াই অঞ্চলটো পৰিদৰ্শন নকৰে বুলি অভিযোগ উত্থাপন হৈছে।

জিলা উপায়ুক্ত, বন সংমণ্ডল বিষয়া ঘটনা স্থলিত নহালৈ মৃতদেহ লৈ প্ৰতিবাদ জনোৱাৰ কথা প্ৰকাশ কৰে স্থানীয় লোকে। দীৰ্ঘদিনৰ পৰাই চিৰাং জিলাৰ উত্তৰাঞ্চলত বিশেষকৈ ভাৰত-ভূটান সীমান্তৱৰ্তি অঞ্চল সমুহত মানাস ৰাষ্ট্ৰীয় উদ্যান তথা ভূটান সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে গ্ৰামাঞ্চলৰ লোকৰ মাজত সন্ত্ৰাস চলাই আহিছিল যদিও এই ক্ষেত্ৰত বন্য হস্তীক ভেটিবলৈ বন বিভাগে যিদৰে ব্যৱস্থা লব লাগিছিল সেইদৰে কোনো ব্যৱস্থা নোলোৱাৰ ফলতেই সঘনাই জিলাখনত বন্য হস্তীৰ আক্ৰমনত মানুহৰ ঘৰৰ লগতে খেতিপথাৰ ধ্বংশ হোৱাৰ ওপৰিও প্ৰতিবছৰেই বহু কেইজনকৈ লোকৰ মৃত্যু হয় । বিশেষকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্য হস্থীক ৰোধিবলৈ কোনো ধৰনৰ ফেন্সিং বা প্ৰতিৰোধৰ ব্যৱস্থাই নাই । অতিশ্ৰীঘ্ৰেই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহনৰ দাবী স্থানীয় ৰাইজে ।