চিৰাঙত পুনৰ এনকাউণ্টাৰ, নিহত এজন

103

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ এনকাউণ্টাৰৰ নিহত হ’ল হত্যাৰ অভিযুক্তৰ। চিৰাঙৰ ধালিগাঁও থানাৰ অন্তৰ্গত ৰৌমাৰীৰ হাগ্ৰামা দলঙৰ সমীপত সংঘটিত এনকাউণ্টাৰত নিহত হয় মনজিৎ বসুমতাৰী নামৰ অভিযুক্তজন।

জানিব পৰা মতে, সোমবাৰে নিশা খামাৰপাৰাত ৰাজু বড়ো নামৰ যুৱক এজনৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছিল একে গাঁৱৰ নিৱাসী মনজিৎ বসুমতাৰীক। মঙলবাৰে নিশা অভিযুক্তজনক লগত লৈ হাগ্ৰামা দলঙৰ তলত লুকুৱাই ৰখা পিষ্টলটো উদ্ধাৰ কৰি যোৱা সময়তে অভিযুক্তজনে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱা বুলি আৰক্ষীয়ে জনায়। যাৰ ফলত আৰক্ষীয়ে গুলীচালনা কৰাত থিতাতে নিহত হয় মনজিৎ বসুমতাৰী।

চিৰাং জিলা আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই জনোৱা মতে, হত্যাকাণ্ড সংঘটিত কৰি ৰে’লযোগে পলায়ন কৰাৰ চেষ্টা চলাই নিউ বঙাইগাঁও ষ্টেচনত উপস্থিত হোৱাৰ সময়তে মনজিৎ বসুমতাৰীক মঙলবাৰে নিশা আৰক্ষীৰ দলে কৰায়ত্ত কৰিছিল৷ আৰক্ষীয়ে মনজিত বসুমতাৰীক এনএলএফবিৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷

ৰাজু বড়োৰ হত্যাত লক্ষীৰাম দৈমাৰী নামৰ যুৱক এজনো জড়িত থকা বুলি জানিব দিছে৷ সোমবাৰে নিশা খামাৰপাৰাত ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ যোৱা দুজনীয়া অস্ত্ৰধাৰী দলে স্থানীয় ৰাজু বড়োৰ সৈতে মুখামুখি হোৱাত গুলীয়াই হত্যা কৰে৷ চিৰাঙকে ধৰি বিটিআৰৰ একাংশ যুৱকে শোণিতপুৰৰ জংঘলত বাহৰ পাতি নতুনকৈ সংগঠন জন্ম দিয়াৰ পৰিকল্পনা কৰি থকা বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে৷

উল্লেখ্য যে চিৰাঙত শেহতীয়াভাৱে হত্যা–হিংসা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীৰ অভিযান অব্যাহত থকাত বিগত দুটা দিনত তিনিজনকৈ অভিযুক্ত নিহত হোৱাৰ লগতে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধী আহত হয়৷