পথ নিৰ্মানৰ দাবীত ভূৱন পেগু, প্ৰদান বৰুৱা মূর্দাবাদ ধ্বনিৰে উত্তাল চিলাপথাৰৰ গেলুৱা কেন্দুগুৰি ।অচিৰেই পথ নিৰ্মাণ নকৰিলে নিৰ্বাচন বর্জনৰ হুংকাৰ ৰাইজৰ ।চিলাপথাৰ নগৰৰ উপকণ্ঠৰ এটা পথ । পথটো দেখিলে আপোনাৰো চকু কপালত উঠিব । এইটো চিলাপথাৰ পৌৰসভাৰ ১ নং ৱাৰ্ডৰ গেলুৱা কেন্দুগুৰি গাঁৱৰ পথ । পথটোৰ অৱস্থা চাওক । পথৰ মাজত বৃহৎ বৃহৎ খাল । যুগ যুগ ধৰি এই পথেৰে যমৰ যন্ত্ৰণা ভুগি ৰাইজে যাতায়ত কৰিবলগীয়া হৈছে । এই পথতে আছে কেন্দুগুৰি প্ৰাথমিক বিদ্যালয় । বাৰিষা অবৰ্ণনীয় পৰিস্থিতিত বিদ্যালয়লৈ অহাযোৱা কৰিবলগীয়া হয় কণ কণ ছাত্ৰ-ছাত্ৰীসকল । চিলাপথাৰতেই থাকে বিধায়ক ভুৱন পেগু, সাংসদ প্ৰদান বৰুৱা । কিন্তু কোনো এজনৰে চকু পৰা নাই পথটোত । ৰাইজে বিধায়ক-সাংসদৰ লগতে পৌৰসভাতো বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই । অৱশেষত আজি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হল অতিষ্ঠ হৈ পৰা ভুক্তভোগী ৰাইজে । গাঁৱৰ পুৰুষ মহিলা ওলাই আহিল ৰাজপথলৈ । পথ নিৰ্মাণৰ দাবীত আমাৰ ৰাস্তা বনাব লাগিবই, ভুৱন পেগু মূর্দাবাদ, প্ৰদান বৰুৱা মূর্দাবাদ, পৌৰসভা মূর্দাবাদ আদি শ্ল’গানেৰে উত্তাল কৰি তোলে কেন্দুগুৰিৰ ৰাজপথ । অচিৰেই পথটো নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক নিৰ্বাচনৰ সময়ত কোনো ৰাজনৈতিক নেতাকে অঞ্চলটোত প্ৰৱেশ কৰিব নিদিয়ে বুলি ৰাইজে সকীয়াই দিয়াৰ লগতে ৰাইজে নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
