চিলাপথাৰত মূল্য বৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

161

চিলাপথাৰত মূল্য বৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ পুত্তোলিকা দাহ।
ধেমাজিৰ জিলাৰ চিলাপথাৰ নগৰৰ মাজমজিয়াত আজি বিয়লি চিলাপথাৰ আঞ্চলিক ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰ্তা সকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে চৰকাৰ বিৰোধী বিভিন্ন স্বলগান দি প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ও যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পুত্তোলিকা দাহ কৰি
ফেচিষ্ট চৰকাৰখনে অসমৰ জনসাধাৰণৰ ওপৰত অৰ্থনৈতিক বোমা নিক্ষেপ কৰিছে। মূল্যবৃদ্ধিৰ ওপৰত ৰাইজক তুচ্ছ তাচ্ছিল্য কৰা অকৰ্মণ্য যোগানমন্ত্ৰীয়ে শীঘ্ৰে পদত্যাগ কৰক।

জনতাৰ তেজ শুহি খোৱা বিজেপি চৰকাৰক যিকোনো মূল্যৰ বিনিময়ত উৎখাত কৰিবলৈ ৰাইজক আহ্বান জনায়।

তিনি গগৈ বুলি কথা নাই সমগ্ৰ অসমতে বিজেপি চৰকাৰৰ ওপৰত বিতুষ্ট হৈ পৰিছে বুলি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে ছাত্ৰ নেতা ৰুদ্ৰ ভূঞাই।