ডিজিটেল ডেস্ক:- বলিউডৰ নেপটিজমক লৈ সৰৱ চৰ্চাৰ মাজতে দেশবাসীৰ মনত আচল হিৰ’ হৈ পৰিছে এজন তাৰকা। ৰীল লাইফত খলনায়কৰ অভিনয় কৰিও বাস্তৱ জীৱনত এজন মানৱ দৰদী মহানায়ক ৰূপে পৰিচিতি হৈছে এইগৰাকী তাৰকা। বিশেষকৈ লক ডাউনৰ সময়ত বহি: ৰাজ্যত আবদ্ধ কেইবাহাজাৰ কৰ্মীক স্বগৃহলৈ উভতাই অনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এইগৰাকী তাৰকাই। কেৱল সেয়াই নহয়, বহু অভাৱগ্ৰস্ত পৰিয়ালৰ ওচৰত থিয় দি এজন প্ৰকৃত নায়ক ৰূপে মানুহৰ মনত ঠাই দখল কৰিবলৈ সক্ষম হৈছে।
শেহতীয়াকৈ এইবাৰ মধ্য প্ৰদেশৰ এটা দৰিদ্ৰ কৃষক পৰিয়ালৰ ওচৰত থিয় এই তাৰকা গৰাকীয়ে পুনৰ এবাৰ পৰিচয় দিলে নিজৰ মহানুভৱতাৰ। দৰিদ্ৰ খেতিয়ক পৰিয়ালটোক খেতিৰ বাবে তেওঁ প্ৰদান কৰিছে এখন ট্ৰেক্টৰ। তাকো নিজৰ ধনেৰে।
দৰাচলতে মধ্যপ্ৰদেশৰ চিত্তৰ জিলাৰ মেদানপল্লীৰ এজন দৰিদ্ৰ বিলাহী খেতিয়কে গৰুৰ অভাৱত নিজৰ দুই কন্যাক লৈ পথাৰত হাল বাইছিল। দৰিদ্ৰ কৃষকজনৰ এই হাল বোৱাৰ দৃশ্য চচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে অভিনেতা চনু ছুদে কৃষি কাৰ্যৰ বাবে কৃষক পৰিয়ালটোক এখন ট্ৰেক্টৰ প্রদান কৰে।
দৰিদ্ৰ পৰিয়ালটোক ট্ৰেক্টৰ প্ৰদান কৰাৰ বিষয়ে চনু ছুদে নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা লিখিছে – এই পৰিয়ালটোৰ এহাল বলধৰ প্ৰয়োজন নহয়। তেওঁলোকে এখন ট্ৰেক্টৰ লাভ কৰা উচিত। সেয়ে মই এখন ট্ৰেক্টৰ প্ৰেৰণৰ ব্যৱস্থা কৰিছোঁ। সন্ধিয়া পৰ্যন্ত এখন ট্ৰেক্টৰ তেওঁলোকে লাভ কৰিব।”
ইফালে অভিনেতা গৰাকীৰ এই মহানুভৱতাক এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে বিভিন্ন জনে।