চিকিৎসাৰ অভাৱত মৃত্যুৰে যুঁজিছে দৰিদ্ৰ পৰিয়ালৰ মূল উপাৰ্জনকাৰী…

74

চিকিৎসাৰ অভাৱত মৃত্যুৰে যুঁজিছে দৰিদ্ৰ পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন। কাল অমানিশা নামি আহিছে দৰিদ্ৰ পৰিয়াটোলৈ। লখিমপুৰ জিলাৰ ঘাৰমৰা পঞ্চায়তৰ অন্তৰ্গত ছাগলীকটা ইটাভাটি গাঁৱৰ নিবাসী অজয় দাস নামৰ লোকজন ডেৰ মাহ পূৰ্বে নাওবৈচাত এক পথ দুৰ্ঘটনাত পতিত হৈ বৰ্তমান চিকিৎসাৰ অভাৱত নিজ গৃহত জীৱন মৃত্যুৰে যুঁজি আছে। পত্নী আৰু দুই সন্তানৰ পিতৃ অজয় দাসে দিন হাজিৰা কৰি পৰিয়ালটো হোহপাল দিছিল। দিশহাৰা হৈ পৰা অজয় দাসে অসম চৰকাৰক কাতৰ আহ্বান জনোৱাৰ লগতে সু-হৃদয়বান ব্যক্তিৰ পৰা চিকিৎসাৰ বাবে সহায় ভিক্ষা মাগিছে। কোনো সু-হৃদয়ৱান ব্যক্তিয়ে অজয়ৰ চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰিলে অসম গ্ৰামীণ বিকাশ বেংকৰ 70110266010144, 7002401435 ফোন নম্বৰত যোগাযোগ কৰি সহায় কৰিব পাৰিব ।