সোমবাৰে পুৱা কলকাতাৰ ছল্ট লেক অঞ্চলত এটা পথ দুৰ্ঘটনা সংঘটিত হয়, য’ত অতি বেগী বাছে এখন ক্ৰছ জংচনত এখন গাড়ীত খুন্দা মাৰে। সমগ্ৰ দুৰ্ঘটনা বন্দী হয় চিচি টিভি কেমেৰাত। দুৰ্ঘটনাটোৰ ভিডিঅ’ ৰেকৰ্ডিঙত দেখা গৈছে যে এখন বাছে নিজৰ পথত এখন গাড়ীৰ সৈতে নাটকীয়ভাৱে খুন্দা মৰাৰ ফলত গাড়ীখনক পথৰ সিটো পাৰে টানি লৈ যায়। কেইছেকেণ্ডমানৰ ভিতৰতে যাত্ৰীবাহী বাছখন বাগৰি পৰাত কমেও ১০ জন আহত হয়।
কোৱা হৈছে যে ২ অক্টোবৰৰ পুৱা প্ৰায় ৭ বজাত দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত ৩০ জন লোক আছিল।ৰাজ্যখনৰ আই টি হাব ছল্ট লেক ছেক্টৰ ভিৰ পৰা এই খবৰ পোৱা গৈছে। আৰক্ষী বিষয়াৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি বাছ দুখনে অভাৰটেক কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে সন্মুখৰ বাছখনে এখন গাড়ীত খুন্দা মাৰে।
খবৰ অনুসৰি আটাইকেইজন আহত লোকক ততাতৈয়াকৈ ওচৰৰ এখন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয়। ইফালে দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে।
