চাৰি দিনে সন্ধান নাই নাওজানৰ ললিতাৰ…

81

চাৰি দিনে সন্ধান নাই ধনশিৰি মহকুমাৰ অন্তৰ্গত নাওজানৰ মিলনচুক গাঁৱৰ ললিতা বড়োৰ। ২৯ বৰ্ষীয় ললিতা বড়োই যোৱা ৯ এপ্ৰিলত বায়েকৰ ঘৰলৈ যাও বুলি ঘৰৰ পৰা ওলাই গৈছিল যদিও তাৰ পিছতে সন্ধানহীন হৈ পৰে মহিলাগৰাকী।

উল্লেখ্য যে, দুই কন্যা সন্তানৰ মাতৃ ললিতা বড়োৰ নিৰুদ্দেশ সন্দৰ্ভত ইতিমধ্যে স্বামী চুমু বড়োৱে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। কিন্তু বৰ্তমানলৈকে আৰক্ষীয়েও সন্ধান উলিয়াব পৰা নাই মহিলাগৰাকীৰ। ইফালে কোনো লোকে ললিতা বড়োৰ বিষয়ে অৱগত হ’লে 8822532057 নম্বৰ যোগে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে মহিলাগৰাকীৰ পৰিয়ালে।