চাৰি দশকীয় অপেক্ষাৰ অন্ত; টকিঅ’ অলিম্পিকত ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় হকী দলৰ

83

ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিকত দুৰ্দান্ত প্ৰদৰ্শনেৰে পুনৰ এবাৰ ভাৰতীয়ৰ মাজত আশাৰ সঞ্চাৰ কৰিছে ভাৰতীয় হকী দলে। প্ৰায় চাৰিটা দশকৰ পিছত দেওবাৰে অনুষ্ঠিত খেলখনত গ্ৰেট ব্ৰিটেইনক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ভাৰতীয় হকী দলে। ৪১ বছৰৰ পিছত হকী দলটোৱে ৰচা এই ইতিহাসে এতিয়া স্বৰ্ণজয়ৰ লক্ষ্যত উপনীত কৰাত দলটোক সাহস যোগাইছে।

দেওবাৰে বিয়লি অনুষ্ঠিত খেলখনত গ্ৰেট ব্ৰিটেইনক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় দলটোৱে। দিলপ্ৰীত আৰু গুৰজণ্টৰ চমকপ্ৰদ প্ৰদৰ্শনে খেলৰ প্ৰথমাৰ্ধতে ভাৰতীয় দলটোক এক শক্তিশালী স্থিতি প্ৰদান কৰে। খেলৰ ৫৭ মিনিটত ভাৰতৰ হৈ হাৰ্দিক সিঙে আন এটা গল দিবলৈ সক্ষম হয়।