গহপুৰত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পাৰিবাৰিক সংঘাতৰ কাৰণেই সংঘটিত হয় কৰুন পৰিণতি।
স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক।
ইয়াৰ পিছতে ৰাইজৰ প্ৰহাৰত মৃত্যু স্বামী।
মৃত মহিলা গৰাকীৰ নাম সোনালী বৈষ্ণৱ আৰু মৃত স্বামী জনৰ নাম মন্তোষ গৌড়।
এই ঘটনাটো গহপুৰৰ ৰহঢলা বস্তিত সংঘটিত হৈছে।
ইতিমধ্যে আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ দুয়োটা মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
আনহাতে, গহপুৰ আৰক্ষীয়ে হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে।