দিল্লীৰ পাণ্ডৱ নগৰত স্বামীক হত্যা কৰাৰ অপৰাধত এগৰাকী মহিলা আৰু পুত্ৰক গ্ৰেপ্তাৰ কৰে ক্ৰাইম ব্ৰাঞ্চে। সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি দুয়োজনে মৃতদেহটো কেইবাটাও টুকুৰা কৰি ফ্ৰীজত ৰাখিছিল।
দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ তথ্য অনুসৰি তেওঁলোকে সেই টুকুৰাবোৰ ওচৰৰ মাটিত পেলাই দিছিল। সংবাদ প্ৰতিষ্ঠানটোৱে এই ঘটনাৰ ভিডিঅ’ শ্বেয়াৰ কৰি দিল্লী আৰক্ষীৰ অপৰাধ শাখাই নিশ্চিত কৰিছে।
মাতৃ-পুত্ৰই মৃতদেহটো কেইবাটাও টুকুৰা কৰি ফ্ৰীজত ভৰাই থৈছিল। হত্যাকাণ্ড সংঘটিত হোৱা অভিযুক্তৰ বাসগৃহ দিল্লীৰ ত্ৰিলোকপুৰী চুবুৰীত।
ত্ৰিলোকপুৰী বাসগৃহত স্বামী অঞ্জন দাসক হত্যা কৰি মৃতদেহ কাটি ওচৰৰ মাটিত টুকুৰা টুকুৰ কৰি পেলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ অভিযুক্ত পত্নী পুনম আৰু পুত্ৰ দীপক।
পুনম আৰু তেওঁৰ পুত্ৰ দীপকে প্ৰথমে অঞ্জন দাসক শ্লিপিং টেবলেট খুৱাই হত্যা কৰিছিল, তাৰ পিছত মৃতদেহ কাটি ফ্ৰীজত জমা কৰি ৰাখিছিল।
ইয়াৰ পিছতে দৈনিক মৃতদেহটো পাণ্ডৱ নগৰ আৰু পূব দিল্লীৰ বিভিন্ন অঞ্চলত পেলাই দিবলৈ আৰম্ভ কৰে।
খবৰ অনুসৰি অঞ্চলটোত টহল দি থকা আৰক্ষী বিষয়াসকলে পি এছ পাণ্ডৱ নগৰ অঞ্চলৰ কল্যাণপুৰীৰ ২০ ব্লকৰ সন্মুখত ৰামলীলা খেলপথাৰত থকা জোপোহাবোৰৰ ওচৰৰ পৰা এটা দুৰ্গন্ধ আহি থকা দেখা পায়। লগে লগে স্থানীয় আৰক্ষী থানা পাণ্ডৱ নগৰলৈ প্ৰেৰণ কৰা হয় এই তথ্য। তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ এছ এইচ অ’ আৰু কৰ্মচাৰীয়ে এটা বেগত ভৰোৱা মানুহৰ কটা অংগ থকা বেগ এটা আৱিষ্কাৰ কৰে।
A woman along with her son arrested by Crime Branch in Delhi's Pandav Nagar for murdering her husband. They chopped off body in several pieces,kept in refrigerator & used to dispose of pieces in nearby ground: Delhi Police Crime Branch
— ANI (@ANI) November 28, 2022
(CCTV visuals confirmed by police) pic.twitter.com/QD3o5RwF8X