চাঞ্চল্যকৰ! আইআইটি গুৱাহাটীৰ অধ্যাপকৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

195

গুৱাহাটীঃ আই আই টি গুৱাহাটীৰ এজন অধ্যাপকক প্ৰতিষ্ঠানটোৰ চৌহদৰ ভিতৰত থকা নিজৰ কোৱাৰ্টাৰত মৃত অৱস্থাত উদ্ধাৰ হোৱা বুলি শনিবাৰে অসম আৰক্ষীয়ে অৱগত কৰে।

মৃত ব্যক্তিজনক আই আই টি গুৱাহাটীৰ গণিত বিভাগৰ অধ্যাপক ড০ সমীৰ কমল (৪৭) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাথমিক তদন্ত অনুসৰি আই আই টি গুৱাহাটীৰ অধ্যাপক জনৰ মৃত্যু আত্মহত্যা বুলি সন্দেহ কৰা হৈছে।

ড০ কমলৰ কোৱাৰ্টাৰৰ পৰা দুৰ্গন্ধ ওলাই অহাৰ তথ্য লাভ কৰি আৰক্ষীয়ে আই আই টি গুৱাহাটীৰ মৃত অধ্যাপকৰ কোৱাৰ্টাৰত উপস্থিত হয়।

ড০ সমীৰ কমলৰ বাসগৃহত প্ৰৱেশ কৰাৰ লগে লগে আৰক্ষীয়ে চিলিং ফেনত ওলমি থকা আই আই টি গুৱাহাটীৰ ফেকাল্টীক উদ্ধাৰ কৰে।

দুই-তিনিদিন পূৰ্বে অধ্যাপকজনে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে।