অবৈধ প্ৰেমত মচগুল মাতৃ আৰু খুৰাকে মিলি নিৰ্মমভাৱে হত্যা কৰিলে এটি ৮ বছৰীয়া কণমানিক। এই নৃশংস হত্যাকাণ্ড পোহৰলৈ অহাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজস্থানৰ ভৰতপুৰত। দুবছৰ পূৰ্বে সংঘটিত হত্যাকাণ্ড পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত মাতৃ আৰু খুৰাকক।
২০২১ চনত ৰূপবাছ থানা এলেকাৰ অন্তৰ্গত চন্দনপুৰা গাঁৱত সংঘটিত হৈছিল এই ঘটনা। জানিব পৰা মতে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত পুত্ৰ গোলু নিৰুদ্দেশ হোৱাৰ পিছত শিশুটিৰ পিতৃ জ্ঞান সিঙে আৰক্ষীৰ ওচৰত অভিযোগ পঞ্জীয়ন কৰে।এজাহাৰ পঞ্জীয়ন কৰাৰ পিছত আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে তদন্তৰ অন্তত গাঁওখনৰ এখন পথাৰৰ পৰা তিনিদিনৰ অন্তত গোলুৰ মৃতদেহ উদ্ধাৰ কৰে।
ইয়াৰ পিছতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। কিন্তু ২০২১ চনৰ ডিচেম্বৰ মাহত হত্যাৰ এফআইআৰ দাখিল কৰি আৰক্ষীয়ে শিশুটিৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰি গোচৰটো বন্ধ কৰি দিয়ে। জয়পুৰ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰি গোচৰৰ তদন্তৰ দাবী জনায় শিশুটিৰ পিতৃয়ে। জয়পুৰ উচ্চ ন্যায়ালয়ে বিষয়টো শুনানি গ্ৰহণ কৰি উচ্চতম কৰ্তৃপক্ষক বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে।
বায়ানাৰ চক্ৰ বিষয়া (চি অ’) নীতিৰাজ সিঙৰ অধীনত এটা দল গঠন কৰি আঠ বছৰীয়া শিশুটিৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ পুনৰ তদন্ত আৰম্ভ কৰা হয়। ইয়াৰ পিছতে আৰক্ষীয়ে তদন্তৰ জৰিয়তে জানিব পৰা মতে, শিশুটিৰ খুৰাজ কৃষ্ণকান্ত আৰু মাতৃ হেমলতাৰ মাজত আছিল অবৈধ সম্পৰ্ক। সোধা-পোছাৰ বাবে দুয়োকে আৰক্ষী থানালৈ মাতি অনা হয়।
প্ৰথম অৱস্থাত তেওঁলোকে ল’ৰাটোৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ কথা অস্বীকাৰ কৰিছিল। কিন্তু পুংখানুপুংখ জেৰাৰ অন্তত দুয়োজনে হাৰ মানি অপৰাধ স্বীকাৰ কৰে। তেওঁলোকে ক’লে যে ল’ৰাটোৱে তেওঁলোকক অসংযত অৱস্থাত দেখা পোৱাৰ পিছত দুয়োৰে বিষয়ে দেউতাকক কৈ দিয়াৰ ভয়তে ডিঙি চেপি হত্যা কৰে আৰু পিছত মৃতদেহটো পথাৰৰ মাজত পুতি থয়।
