বুধবাৰে পুৱা এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত। হাস্পতালখনৰ ভিতৰৰ পৰা পিতৃৰ সৈতে থকা এটি কণমানি শিশুক অপহৰণ কৰি নিয়ে এগৰাকী মহিলাই। মুখত মাস্ক পৰিধান কৰা এগৰাকী মহিলাই শিশুটিক পিতৃৰ কোলাৰ পৰা কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে জিএমচিএইছ কৰ্তৃপক্ষই।
জানিব পৰা মতে, যোৱা ২৪ মাৰ্চৰ পৰা কিডনীজনিত ৰোগত আক্ৰান্ত হৈ থকা প্ৰিয়ম কলিতা নামৰ সাতমহীয়া শিশুটি জিএমচিএইছত ভৰ্তি হৈ আছিল। বুধবাৰে পুৱা প্ৰায় ৪.৩০ বজাত মাস্ক পৰিহিতা এগৰাকী মহিলাই পিতৃ নৱ কলিতাৰ কোলাৰ পৰা কাঢ়ি লৈ যায় শিশুটিক। শিশুটিৰ ঘৰ হাজোৰ কলিতাকুছিত বুলি জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও এতিয়াও শিশুটিৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। এই ঘটনাই জিএমএইছৰ ভিতৰৰ লগতে সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।